ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯৯৫ চনত এলিছন হাৰগ্ৰিভছে অক্সিজেন চিলিণ্ডাৰ অবিহনে এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
১৯৯৯ চনত কুৱেইট চৰকাৰে মহিলাসকলক সংসদীয় নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰে।
২০০১ চনত ইটালীত সোঁপন্থী মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰে।
২০০২ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইৰাকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুমোদন জনায়।
২০০৩ চনত ইৰাক যুদ্ধত আমেৰিকাৰ বাহিনীৰ অধিনায়ক টমী ফ্ৰেংকছৰ বিৰুদ্ধে ব্ৰাছেলছৰ আদালতত যুদ্ধ সম্পৰ্কীয় গোচৰ ৰুজু কৰা হয়।
২০০৫ চনত ভাৰতৰ এখন বিমান ২০ বছৰৰ পাছত কানাডাত অৱতৰণ কৰে।
২০০৮ চনত শ্ৰীলংকা চৰকাৰে সন্ত্ৰাসবাদী সংগঠন এল টি টি ইৰ ওপৰত নিষেধাজ্ঞা দুবছৰৰ বাবে বৃদ্ধি কৰে। ভাৰতীয় মূলৰ মঞ্জুলা ছুদ ব্ৰিটেইনৰ মেয়ৰ হোৱা প্ৰথমগৰাকী এছিয়ান মহিলা হিচাপে পৰিগণিত হয়।











