মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে দেশত বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম। অসমত ১০২ টকা অতিক্ৰম কৰিলে পেট্ৰ’লৰ দামে। প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম বাঢ়িল ৩.১৪ টকা আৰু ডিজেলত বাঢ়িল ৩.১১ টকা। জানো আহক অসমৰ কত, কিমান টকাকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম-
- গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ 26 টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হ’লগৈ 92.55টকা
- বজালীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 07 টকা, ডিজেলৰ দাম 93.28 টকা
- বাক্সাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 13 টকা, ডিজেলৰ দাম 93.34 টকা
- বৰপেটাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 101.97 টকা, ডিজেলৰ দাম 93.18 টকা
- বিশ্বনাথত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.03 টকা, ডিজেলৰ দাম 93.27 টকা
- বঙাইগাঁৱত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 101.17 টকা, ডিজেলৰ দাম 92.46 টকা
- কাছাৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.03 টকা, ডিজেলৰ দাম 93.28 টকা
- চৰাইদেউত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.48 টকা, ডিজেলৰ দাম 93.68 টকা
- চিৰাঙত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 101.17, ডিজেলৰ দাম 92.46 টকা
- দৰঙত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.11, ডিজেলৰ দাম 93.32 টকা
- ধেমাজিত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.87, ডিজেলৰ দাম 94.06 টকা
- ধুবুৰীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.33 টকা,ডিজেলৰ দাম 93.54 টকা
- ডিব্ৰুগড়ত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.32 টকা, ডিজেলৰ দাম 93.53 টকা
- ডিমা হাচাও জিলাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.97, ডিজেলৰ দাম 94.22 টকা
- গোৱালপাৰাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.25 ডিজেলৰ দাম 93.45 টকা
- গোলাঘাটত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 101.16 ডিজেলৰ দাম 92.45 টকা
ইয়াৰ লগতে বজাৰত বাঢ়িল চাউল, চেনি, মিঠাতেল সকলোৰে দাম। চাউল-দাইলৰ পৰা শাক-পাচলিলৈ সকলো বস্তুৰে বাঢ়িল আকাশলংঘী দাম। যাৰ বাবে খাদ্যবস্তুৰ দামবৃদ্ধিক লৈ গ্ৰাহকৰ মাজত লাগিছে হাহাকাৰ।
চাউল, চেনি, মিঠাতেল, মচুৰ দাইল, আটা, চিৰা, বুট, মগু গাখীৰৰ দাম বৃদ্ধি। প্ৰতিকিলো চাউলত বৃদ্ধি ৫ৰ পৰা ১০ টকাকৈ।সোণাশক্তি চাউলৰ প্ৰতিকেজিৰ দাম বৃদ্ধি পাইছে ৫ৰ পৰা ১০ টকা।
বিভিন্ন প্ৰকাৰৰ মচুৰ দাইল, আটা, চিৰা, বুটত ১০ টকা পৰ্যন্ত বাঢ়িল দাম। ভিন্ন ব্ৰেণ্ডৰ মিঠাতেলৰ দাম বাঢ়িল ১০ টকাকৈ। অনুপম মিঠাতেলৰ দাম ১৯০ৰ পৰা বৃদ্ধি পালে ২০০ টকালৈ। ধাৰা মিঠাতেলৰ দাম ১৭৫ টকাৰ পৰা বাঢ়িল ১৯০ টকা। ১০-১২ টকা পৰ্যন্ত বাঢ়িল প্ৰতিলিটাৰ অন্নপূৰ্ণা মিঠাতেলৰ দাম
প্ৰতিকেজি গোটা মগুৰ দাম ২০ টকা পৰ্যন্ত বৃদ্ধি। লগতে আমূল গাখীৰৰ দাম দুটকা আৰু পিঁয়াজৰ দাম ৫টকাকৈ বৃদ্ধি। ১৮ মে’ৰ পৰা ৩ টকাকৈ বৃদ্ধি পাব ব্ৰেডৰ দাম।











