ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৭৬৯- ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ বস্ত্ৰ উদ্যোগ ধ্বংস কৰিবলৈ শিপিনীৰ ওপৰত বিভিন্ন বাধা আৰোপ কৰে।
১৯১৮- ভাৰতীয় প্ৰখ্যাত উদ্যোগপতি তথা টাটা গ্ৰুপৰ শীৰ্ষ সদস্য ৰুছি মোডীৰ জন্ম হয়।
১৯৫৩- হিন্দী চলচ্চিত্ৰৰ চৰিত্ৰ অভিনেত্ৰী প্ৰীতি গাংগুলীৰ জন্ম হয়।
১৯৭৫- জাপানৰ জংকো টাবেই মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
১৯৮৭- সুনীল গাভাস্কৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
২০০০- ৰাছিয়াৰ সংসদৰ উচ্চ সদন ফেডাৰেলিষ্টসকলে পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তিত অনুমোদন জনায়।
২০০২- পাকিস্তানত নিহত আমেৰিকাৰ সাংবাদিক ডেনিয়েল পাৰ্লৰ মৃতদেহ এটা কবৰস্থানৰ পৰা উদ্ধাৰ কৰা হয়।
২০০৭- ৰাৱালপিণ্ডিত ভাৰত-পাকিস্তানৰ সৰ্বাংগীন আলোচনাৰ চতুৰ্থ ৰাউণ্ড আৰম্ভ হয়।
২০০৮- তালিবান উগ্ৰপন্থীয়ে পাকিস্তানৰ ৰাষ্ট্ৰদূত তাৰিক আজিজুদ্দিনক মুকলি কৰি দিয়ে।
২০১০- ভাৰতীয় বক্সাৰসকলে কমনৱেলথ বক্সিং চেম্পিয়নশ্বিপত ছয়টা স্বৰ্ণ পদক লাভ কৰে। বেইজিং অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বিজেন্দৰ সিঙৰ লগতে দীনেশ কুমাৰ, পৰমজীত সামোতা, অমনদীপ, সুৰঞ্জয়, আৰু জয় ভগৱানে নিজ নিজ শাখাত ফাইনেলত জয়লাভ কৰে। বিজেন্দৰ কুমাৰে শ্ৰেষ্ঠ বক্সাৰৰ বঁটা লাভ কৰাৰ বিপৰীতে আয়োজক ভাৰতেও সৰ্বাধিক ৩৬ পইণ্টেৰে দলীয় চেম্পিয়নশ্বিপ লাভ কৰে।ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে ৩৪ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰে।
২০১০- দেশৰ আটাইতকৈ পুৰণি পৰম্পৰাগত ক্ৰীড়া কাবাডীক প্ৰচাৰ কৰি পঞ্জাৱ চৰকাৰে অহা মাহত কাবাডী বিশ্বকাপ আয়োজন কৰাৰ কথা ঘোষণা কৰে।










