সংযুক্ত আৰব আমিৰশ্বাহীৰ আল-আফ্ৰা অঞ্চলৰ বৰাকাহ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ উপকণ্ঠ অঞ্চলত ১৭ মে’ত ড্ৰ’ন আক্ৰমণৰ ফলত বিদ্যুৎ উৎপাদকত অগ্নিকাণ্ড সংঘটিত হয়। আবুধাবি মিডিয়া অফিচে জাৰি কৰা এক বিবৃতি অনুসৰি, বিষয়াসকলে কয় যে এই কাণ্ডত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই, আৰু ৰেডিঅ’লজিকেল সুৰক্ষাৰ স্তৰত কোনো প্ৰভাৱ পৰা নাই।
আবুধাবি মিডিয়া অফিচে ১৭ মে’ত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই তথ্য শ্বেয়াৰ কৰে। পোষ্টটোত কোৱা হৈছে যে, আল-ধফ্ৰা অঞ্চলৰ বৰাকাহ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ আভ্যন্তৰীণ পৰিধিৰ বাহিৰৰ এটা বিদ্যুৎ উৎপাদকত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত আবুধাবি কৰ্তৃপক্ষই তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই অগ্নি ড্ৰোন আক্ৰমণৰ ফলত সংঘটিত হৈছে। এই কাণ্ডত কোনো লোক আহত হোৱাৰ খবৰ অহা নাই, আৰু ৰেডিঅ’লজিকেল সুৰক্ষাৰ স্তৰতো কোনো প্ৰভাৱ পৰা নাই। বিষয়াসকলে জনোৱা মতে, সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু নতুন তথ্য ওলোৱাৰ লগে লগে অধিক আপডেট জাৰি কৰা হ’ব।
অৱশ্যে বিবৃতিটোত এই সন্দেহযুক্ত ড্ৰ’ন আক্ৰমণৰ বাবে কোন দায়ী সেই কথা উল্লেখ কৰা হোৱা নাই। ইৰাণৰ সৈতে চলি থকা আমেৰিকা-ইজৰাইল সংঘাতৰ সময়ত শেহতীয়াকৈ ইউ এ ইত অসংখ্য ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ সন্মুখীন হৈছে। কিছুমান ঘটনাৰ বাবে ইৰাণক দোষাৰোপ কৰি বিষয়াসকলে কয় যে এই আক্ৰমণৰ লক্ষ্য হৈছে শক্তিৰ সুবিধা আৰু সামুদ্ৰিক আন্তঃগাঁথনি।









