অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। অসমকে ধৰি ৯ খন ৰাজ্যত খালী হৈ থকা মুঠ ১২ খন আসনৰ বাবে অহা ৩ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন।
ভাৰতৰ নিৰ্বাচন আয়োগে জনোৱা অনুসৰি ১৪ আগষ্টত জাৰি কৰা হ’ব অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট হ’ব। ইফালে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হ’ব ২৬ আগষ্ট।
উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছাই শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই পদত্যাগ কৰাত এই আসন দুখন খালী হৈ পৰিছিল।
ৰাজ্যসভাৰ সাংসদৰূপে কামাখ্যা প্ৰসাদ তাছাৰ কাৰ্যকাল শেষ হোৱাৰ সময় আছিল ২০২৫ বৰ্ষৰ ৬ জুন আৰু সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল আছিল ২০২৬ বৰ্ষৰ ৯ এপ্ৰিললৈ। কিন্তু লোকসভা নিৰ্বাচনৰ পিছতেই তেওঁলোকে দুয়োজনেই ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল।
অসমৰ দুখন আসনৰ উপৰি বিহাৰৰ দুখন, হাৰিয়ানাৰ এখন, মধ্যপ্ৰদেশৰ এখন, মহাৰাষ্ট্ৰৰ দুখন, ৰাজস্থানত এখন, ত্ৰিপুৰাত এখন, তেলেংগানাত এখন আৰু ওড়িশাৰ এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।
ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব নিৰ্বাচন। ভোটগ্ৰহণ সমাপ্ত হোৱাৰ এঘণ্টা পিছতেই অনুষ্ঠিত হ’ব ভোটগণনা।