দেশৰ ৰাজধানী নতুন দিল্লীৰ দ্বাৰকা জিলা আৰক্ষীয়ে চুৰি গহনাসহ এজন নাবালক আৰু এজন গহনা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। প্ৰেমিকাক উপহাৰ দি আপ্লুত কৰিবলৈ নাবালকজনে নিজৰ ঘৰৰ পৰাই চুৰি কৰিছিল গহনাসমূহ।
ডিচিপি অংকিত সিঙৰ পৰা পোৱা তথ্য অনুসৰি যোৱা ২ আগষ্টত নাজফগড় অঞ্চলৰ এটা ঘৰত চুৰি কাণ্ড সংঘটিত হৈছিল আৰু ৩ আগষ্টত আৰক্ষী চকীত এজাহাৰ দিয়া হৈছিল। এই এজাহাৰৰ ভিত্তিতেই তদন্ত আৰম্ভ কৰা হয় আৰক্ষীৰ দ্বাৰা, তাৰ পিছত এণ্টি বাৰ্গলেৰী চেলে ঘটনাস্থল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ সকলো চিচি টিভি ফুটেজ পৰীক্ষা কৰে।
তদন্তৰ সময়ত আৰক্ষীয়ে কোনো বাহিৰৰ লোকৰ আগমনৰ কোনো তথ্য নোপোৱাত তেওঁলোকে পৰিয়ালৰ লোকৰ ওপৰত জেৰা আৰম্ভ কৰে। চুৰিকাণ্ডৰ দিনৰে পৰাই সন্ধানহীন আছিল উক্ত নাবালকজন।
ইয়াৰ পিছত আৰক্ষীয়ে তেওঁৰ স্কুলীয়া বন্ধুসকলকো জেৰা কৰি গম পায় যে তেওঁ শেহতীয়াকৈ ৫০ হাজাৰ টকাৰে এটা ফোন ক্ৰয় কৰিছে। আৰক্ষীয়ে ঘটনাৰ পম খেদি শেহতীয়া তথ্য লাভ কৰে যে ছাত্ৰজন প্ৰেয়সীৰ ঘৰলৈ আহিবলৈ ওলাইছে আৰু তেতিয়াই আৰক্ষীয়ে কৌশলেৰে গ্ৰেপ্তাৰ কৰে নাবালকজনক আৰু লগতে উদ্ধাৰ কৰে ফোনটো।
প্ৰথম অৱস্থাত ছাত্ৰজনে এই ঘটনাটো অস্বীকাৰ কৰিছিল যদিও আৰক্ষীৰ মাৰাথান জেৰাত সদৰি কৰে সকলো কথা। নাবালকজনে ঘৰৰ পৰা চুৰি হোৱা সোণৰ চেইন, আঙঠি আৰু কাণফুলিখিনি তেওঁৰ এজন বন্ধুৰ সহায়ত এখন জুৱেলাৰীত বিক্ৰী কৰা বুলি জনায়।
মতি নগৰ অঞ্চলৰ সুদৰ্শন পাৰ্কৰ বাসিন্দা কমল বাৰ্মা আছিল জুৱেলাৰী গৰাকীৰ স্বতাধিকাৰী। ইয়াৰ পিছত আৰক্ষীয়ে সেই জুৱেলাৰীজনকো গ্ৰেপ্তাৰ কৰে। ল’ৰাজনে সদৰি কৰে যে তেওঁ নৱম শ্ৰেণীত পঢ়ে আৰু একেটা শ্ৰেণীতে পঢ়া ছোৱালী এজনী তেওঁৰ প্ৰেমিকা। প্ৰেমিকাক আপ্লুত কৰিবলৈ দামী দামী উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছিল। মাকৰ পৰাও ল’ৰাজনে টকা বিচাৰিছিল যদিও মাকে অগ্ৰাহ্য কৰাৰ বাবেই নাবালকজনে সংঘটিত কৰে এই চুৰিকাণ্ড। লগতে নাবালকজনে এই কথাও অৱগত কৰে যে তেওঁৰ দেউতাকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তেওঁৰ পঢ়া-শুনাৰ প্ৰতি কোনো আগ্ৰহ নাই।