কংগ্ৰেছত যোগদান কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। নলবাৰীৰ ৰাজীৱ ভৱনত পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি বিজেপিত যোগদান কৰিলে অশোক শৰ্মাই।
অশোক শৰ্মাৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতা।
ইফালে, যোগদান কাৰ্যসূচীত তেওঁ বিজেপিৰ পৰা আত্মৰক্ষাৰ বাবে পদত্যাগ কৰা বুলি উল্লেখ কৰিছে। লগতে, তেওঁ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।
উল্লেখ্য যে, ২ আগষ্টত বিজেপি ত্যাগ কৰিছিল অশোক শৰ্মাই। বিজেপিত থাকোতে অপমানিত হৈছিল অশোক শৰ্মাই। বিজেপিত পোৱা অপমানৰ বাবে বিজেপি ত্যাগ কৰা বুলি উল্লেখ কৰিছে নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে।