পুনৰ সংঘটিত হয় বিশ্বজুৰি বুকু কঁপাই যোৱা এক বিমান দূৰ্ঘটনা। শুকুৰবাৰে এয়াৰশ্ব’ এটাৰ সময়ত ভূমধ্য সাগৰত দুৰ্ঘটনাগ্ৰস্ত এই জেট বিমানখন।
এই দূৰ্ঘটনা ফ্ৰান্স দক্ষিণ উপকূলীয় অঞ্চলত। এই দূৰ্ঘটনাৰ ফলত এই সৰু এৰোবেটিক বিমানখনত উপস্থিত থকা ৬৫ বছৰীয়া পাইলটগৰাকীয়ে নিজৰ প্ৰাণ হেৰুৱায়।
বাতৰি অনুসৰি, উদ্ধাৰ অভিযানৰ সময়ত ৬৫ বছৰীয়া এই পাইলটগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। শুকুৰবাৰে এই দূৰ্ঘটনাটোৰ এটা ভাইৰেল ভিডিঅ’ সামাজিক মাধ্যমযোগে প্ৰকাশ পায়। এই ভিডিঅ’টোত, ফৌগা মেজিষ্টাৰ জেটখনে সাগৰত ডুব যোৱাৰ আগতে ভাৰসাম্য হীন হৈ দূৰ্ঘটনাগ্ৰস্ত হোৱা দেখা যায়।
ফ্ৰান্সৰ কৰ্তৃপক্ষই জনোৱা মতে, দক্ষিণ ফ্ৰান্সৰ লাভাণ্ডৌত এয়াৰ শ্ব’ এটাৰ সময়ত উৰি থকা ফৌগা মাগিষ্টাৰ জেটখন ভূমধ্য সাগৰত নিজৰ ভাৰসাম্যতা হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়।