উত্তৰাখণ্ডৰ ডেৰাডুনত এক আচৰিত ঘটনা সংঘটিত হৈছে। ডেৰাডুনৰ ৭ মহীয়া এটা শিশুৰ পেটত পোৱা গৈছে মানৱ ভ্ৰুণৰ উপস্থিতি।
তথ্য অনুসৰি, শিশুটোৰ পেট অস্বাভাৱিকভাৱে ফুলিবলৈ ধৰে। পেট ফুলি অহাৰ পিছত পৰিয়ালৰ লোকে চিকিৎসকক দেখুওৱাত চিকিৎসকে ভ্ৰুণ থকাৰ কথা নিশ্চিত কৰে। অৱশ্যে, অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসকে মানৱ ভ্ৰুণটো উলিয়াই আনিবলৈ সক্ষম হয়।
চিকিৎসকে কয় যে, এই ধৰণৰ ঘটনাক ফীটছ-ইন-ফিটু বুলি কোৱা হয়। যি কেইবা লাখ শিশুৰ ভিতৰত এজনৰ ক্ষেত্ৰত হয় বুলি কোৱা হয়।
লাইভ হিন্দুস্তানৰ প্ৰতিবেদন অনুসৰি, ডেৰাডুনৰ স্বামী হিমালয়ান মেডিকেল কলেজৰ শিশু শল্য চিকিৎসক ড০ সন্তোষ সিঙে ঘটনাটোৰ বিষয়ে তথ্য প্ৰদান কৰি কয়, “৭ মাহৰ কেঁচুৱাটোৰ পেট হঠাতে বাঢ়ি যোৱাৰ পিছত ইয়ালৈ অনা হৈছিল।
প্ৰাৰম্ভিক অনুসন্ধানত আমি ভাবিছিলো যে, কেঁচুৱাটোৰ পেটত এক অস্বাভাৱিক পিণ্ড আছে। যেতিয়া এক্স-ৰে কৰা হৈছিল দেখা গৈছিল যে, কেঁচুৱাটোৰ পেটত ভ্ৰূণ আছিল। যাৰ তথ্য তেওঁৰ পৰিয়ালক দিয়া হৈছিল আৰু তাৰ পিছত অস্ত্ৰোপচাৰৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছিল।
ইয়াৰ পিছত অস্ত্ৰোপচাৰৰ জৰিয়তে ভ্ৰূণটো আঁতৰ কৰা হৈছিল। এতিয়া শিশুটো সম্পূৰ্ণৰূপে সুস্থ বুলি জানিব পৰা গৈছে।
চিকিৎসকে কয় যে, ফীটছ-ইন-ফিটু হৈছে মানুহৰ ভ্ৰূণবিকাশৰ এক অস্বাভাৱিক পৰিঘটনা। ইয়াত ভ্ৰূণ বিকাশৰ সময়ত কিছুমান অজ্ঞাত কাৰণত এটা ভ্ৰূণ আন এটা ভ্ৰূণৰ ভিতৰত বিকশিত হ’বলৈ আৰম্ভ কৰে। ইয়াক মাতৃৰ গৰ্ভত আল্ট্ৰাচাউণ্ডৰ জৰিয়তে চিনাক্ত কৰিব পাৰি। কিন্তু বেছিভাগ ক্ষেত্ৰত ইয়াক কেৱল সন্তানৰ জন্মৰ পিছতহে জনা যায়।