বিলাসী লেম্বোৰগিনি বাহনৰ পিছত এইবাৰ বৰাকৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিলে সুসজ্জিত বিচনা। আজি হাইলাকান্দিত এজন কাঠমিস্ত্ৰীয়ে মুখ্যমন্ত্ৰী শৰ্মাক উপহাৰ হিচাপে প্ৰদান কৰে কাঠেৰে সাজি উলিওৱা এখন বিচনা।
হাইলাকান্দিৰ বোয়ালীপাৰ বজাৰৰ কাঠমিস্ত্ৰী জাকিৰ লস্কৰে যোৱা তিনি মাহৰ পৰা নিৰ্মাণ কৰি আছিল এই বিচনাখন। দেখাত অতি মনোমোহা এই বিচনাখনত অংকন কৰা হৈছে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ ফটো।
বৰাক ভ্ৰমণৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ ল’বলৈ আজি মুখ্যমন্ত্ৰী শৰ্মাই হাইলাকান্দি উপস্থিত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীক প্ৰদান কৰে এই বিচনাখন।
এই সুসজ্জিত বিচনাখন নিৰ্মাণ কৰোতে মুঠ চাৰি লাখ টকা খৰচ হৈছে বুলি জানিবলৈ দিয়ে কাঠমিস্ত্ৰী জাকিৰ লস্কৰে।
ইনপুট : প্ৰভাঞ্জন মালাকৰ (হাইলাকান্দি)