প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক উন্নত আৰু সমৃদ্ধশালী লাডাখ নিৰ্মাণৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰালয়ে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত পাঁচখন নতুন জিলা গঠন কৰাৰ সিদ্ধান্ত লৈছে।
দেশৰ প্ৰতিটো কোণত শাসন শক্তিশালী কৰি জনসাধাৰণৰ বাবে নিৰ্ধাৰিত লাভালাভ নিশ্চিত কৰাৰ অৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।
লাডাখত বৰ্তমান মাত্ৰ ২খন জিলা আছে – লেহ আৰু কাৰ্গিল। দুয়োখন জিলাতে তেওঁলোকৰ স্বায়ত্তশাসিত জিলা পৰিষদ আছে যিয়ে তেওঁলোকক নিয়ন্ত্ৰণ কৰে। নতুন জিলা সৃষ্টি হোৱাৰ পিছত, লাডাখত মুঠ ৭খন জিলা থাকিব।
নতুনকৈ গঠন হ’বলগীয়া এই জিলাবোৰ হৈছে – জাংস্কাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং।
নতুন জিলা গঠনৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে লাডাখৰ জনসাধাৰণৰ বাবে প্ৰচুৰ সুযোগ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁৰ এক্স একাউণ্টত লিখে।
এক্স ৰ এটা পোষ্টত শ্বাহে কয় যে, নতুন জিলা গঠন কৰাৰ ফলত জনসাধাৰণৰ বাবে নিৰ্ধাৰিত লাভালাভবোৰ নিশ্চিত কৰিব আৰু দেশৰ প্ৰতিটো কোণত শাসন শক্তিশালী কৰিব।