এগৰাকী ৭১ বছৰীয়া ব্যক্তিৰ কৰ্মকাণ্ডই আচৰিত কৰিছে সকলোকে। তোলনীয়া জীক বিয়া পাতিবলৈ ৭১ বছৰীয়া এজন ব্যক্তিয়ে নিজৰ পত্নীৰ পৰা পাব বিচাৰিছিল মুক্তি। যাৰ বাবে তেওঁ নিজৰ পত্নীক লাহে লাহে বিষ খুৱাবলৈ আৰম্ভ কৰিছিল।
পত্নীৰ খাদ্যত তেওঁ বিভিন্ন ধৰণৰ ড্ৰাগছ মিহলাই দিছিল। আশ্চৰ্যজনক কথা এইটোৱে যে, এই সকলোবোৰৰ লগত মহিলাগৰাকীৰ কন্যাও জড়িত হৈ আছিল। এই সময়ছোৱাত মহিলাগৰাকীয়ে এই সকলোবোৰৰ বিষয়ে অজ্ঞাত হৈ থাকে। অবিৰতভাৱে ড্ৰাগছ সেৱনৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। কিন্তু এদিন ৰুফে নিজৰ কামৰ বাবে অনুশোচনা কৰে আৰু পত্নীক ওচৰত নিজৰ ভুল স্বীকাৰ কৰে।
প্ৰতিবেদন অনুসৰি, এই বিষয়টো আমেৰিকাৰ ইণ্ডিয়ানা ৰাজ্যৰ। ৱেইন কাউন্টি আদালতে, আলফ্ৰেড ডব্লিউ ৰুফ নামৰ এজন লোকক পত্নীক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে। আদালতে কয় যে, ৰুফে পত্নীৰ পানীয়ত ঔষধৰ ৰূপত বিভিন্নধৰণৰ ‘স্লো পইজন’ মিহলাই দিয়ে।
প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ পৰাই ৰুফে পত্নীক পানীয় মিহলাই ড্ৰাগছ দি আছিল। এই সময়ছোৱাত তেওঁৰ পত্নীক অসুস্থতাৰ বাবে কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। য’ত অবৈধ ড্ৰাগছ সেৱনৰ সৈতে জড়িত পৰীক্ষাত তেওঁক পজিটিভ পোৱা গৈছিল। মহিলাগৰাকীয়ে এই কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছিল, কাৰণ তেওঁ এই বিষয়ে অৱগত নাছিল।
মহিলাগৰাকীৰ মতে, মূৰৰ বিষ, অত্যধিক টোপনি, ডায়েৰিয়া আদি লক্ষণৰ বাবে তেওঁক ৬বাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰীক্ষাত তেওঁৰ শৰীৰত এমডিএমএ, কোকেইন, বেনজ’ডাইজেপিন আদি ড্ৰাগছ পোৱা গৈছিল।
এই বিষয়ে জানিব পাৰি ২০২২ চনত মহিলাগৰাকীয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল। তদন্তৰ সময়ত ৰুফে স্বীকাৰ কৰে যে, নিজৰ কন্যাক বিয়া কৰাবলৈহে তেওঁ পত্নীক হত্যাৰ চেষ্টা চলাইছিল। এই সকলোবোৰৰ লগত মহিলাগৰাকীৰ কন্যাও জড়িত আছিল, সেয়েহে আদালতে তেওঁকো দোষী বুলি ঘোষণা কৰিছে।
চলিত বৰ্ষত আদালতে ৰুফক পত্নীক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত দোষী সাব্যস্ত কৰে। আদালতে তেওঁক চাৰি বছৰৰ কাৰাদণ্ডৰ পিছত পাঁচ বছৰৰ পৰীক্ষামূলক শাস্তি প্ৰদান কৰে।