২৯ আগষ্টত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। পাষণ্ড পুত্ৰই কৰিলে এক জঘন্য কাণ্ড। চোকা অস্ত্ৰৰে মাতৃক হত্যা কৰি লিখিলে ছ’চিয়েল মিডিয়াত লিখিলে, “মা মোক ক্ষমা কৰিবা, মই তোমাক হত্যা কৰিলো। মোৰ তোমালৈ বহুত মনত পৰিছে। ওঁম শান্তি । মই তোমাক বহুত মিছ কৰিম।”
এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ৰাজকোটত। এটা পাষণ্ড পুত্ৰই চোকা অস্ত্ৰৰে হানি মাকক হত্যা কৰে। উক্ত ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত এই পাষণ্ডটোক।
উল্লেখ্য যে নীলেশ গোঁসাই নামৰ যুৱক এজনে ৰাজকোটৰ পশ্চিম মণ্ডলত মাতৃ জ্যোতিবেন গোঁসাইৰ সৈতে বাস কৰিছিল। নীলেশৰ বয়স আছিল ২১ বছৰ। ২০ বছৰ পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল মৃত জ্যোতিবেনৰ। সেয়েহে মাক আৰু পুত্ৰই একেলগে চৰকাৰী কোৱাৰ্টাৰত বাস কৰিছিল।
ঘটনা সন্দৰ্ভত ৰাজকোট পশ্চিম মণ্ডলৰ এচিপি ৰাধিকা ভৰদ্বাজে কয় যে, ছ’চিয়েল মিডিয়াত নীলেশৰ পষ্ট দেখি এজন চিনাকি বন্ধুৱে এই বিষয়ে আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতেই সেই স্থানত উপস্থিত হয় আৰক্ষীৰ দল আৰু তাতেই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
এচিপিয়ে কয় যে, জেৰাৰ সময়ত অভিযুক্ত নীলেশে নিজৰ অপৰাধ স্বীকাৰ কৰে। তেওঁ আৰক্ষীক জনায় যে, তেওঁ প্ৰথমে চোকা অস্ত্ৰৰে মাকক হত্যা কৰাৰ চেষ্টা কৰিছিল।কিন্তু মাকে বাধা দিয়াত পিছত কম্বলেৰে মুখ আৰু ডিঙি চেপি শ্বাসৰুদ্ধকৰভাৱে হত্যা কৰে।
তদন্তৰ পৰা জানিব পৰা গৈছে যে, জ্যোতিবেন বহু বছৰ ধৰি মানসিকভাৱে অসুস্থ আছিল। ইয়াৰ বাবেই মাতৃ-পুত্ৰৰ মাজত সঘনাই কাজিয়াৰ সূত্ৰপাত হৈছিল।
জ্যোতিবেনৰ প্ৰাক্তন স্বামী আৰু তেওঁৰ আন সন্তানসকলে জ্যোতিবেনৰ মৃতদেহতো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে আৰক্ষীয়ে পাছত অভিযুক্তজনৰ বিৰুদ্ধে নিজাববিয়াকৈ এফআইআৰ ৰুজু কৰি মৃতদেহটো সৎকাৰ কৰে।












