শনিবাৰে নিশা ধুবুৰী জিলাৰ চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী চাৰিচকীয়া বাহন আৰু ধুবুৰী অভিমুখে আহি থকা জি এন আৰ চি হাস্পতালৰ বাহনৰ মাজত হোৱা সংঘৰ্ষত এজন লোকৰ মৃত্যু হয়।
জানিব পৰা অনুসৰি দুৰ্ঘটনাটোত মালবাহী চাৰিচকীয়া বাহনখনৰ হেণ্ডিমেন জন থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় চালকজন। আনহাতে ৰোগী কঢ়িয়াই অনা বাহনখনৰো বহু কেইজন লোক গুৰুতৰভাৱে আহত হয়।
নিহত হেণ্ডিমেনজন চাপৰৰ খৰিদাগোঁসাই গাঁৱৰ শিৱজ্যোতি সিংহ বুলি চিনাক্ত পৰা হৈছে।
এই কৰুণ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন থানালৈ লৈ যায়।
উল্লেখ্য যে তীব্ৰ বেগত অহা ৰোগী কঢ়িয়াই অনা বাহনখনে চাপৰস্থিত ট্ৰেণ্ডছৰ চাটাৰত গৈ খুন্দা মাৰে যদিও প্ৰতিষ্ঠানখন বন্ধ থকাত অধিক বিপদৰ পৰা ৰক্ষা পৰে।