মধ্যপ্ৰদেশৰ দমোহ জিলাৰ মেগ্ৰন থানা এলেকাৰ ফাতেহপুৰ চৌকী অঞ্চলত এখন ট্ৰেক্টৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাৰ ফলত চাৰিজন ভক্ত নিহত হোৱাৰ লগতে এক ডজনৰো অধিক লোক আহত হয়।
সোমৱতী অমৱস্যাৰ দিনা সকলো ভক্তই মন্দিৰ দৰ্শন কৰিবলৈ গৈ থকাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, জিলাখনৰ বটিয়াগড় থানা এলেকাৰ ঘূঘাছ গাঁৱৰ পৰা প্ৰায় ৩০ৰ পৰা ৩৫জন ভক্তৰ এটা দলে সোমবতী অমৱস্যাত যোৱা নিশা ছটাৰপুৰ জিলাত অৱস্থিত তীৰ্থস্থান জটাশংকৰলৈ গৈ আছিল। এই সময়তে ফাতেহপুৰ চৌকী অঞ্চলত ভক্তৰে ভৰা ট্ৰেক্টৰ ট্ৰলীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে।
দুৰ্ঘটনাটোত আহত হোৱা লোকসকলক জিলা হাস্পতালৰ লগতে আন একাংশক আন হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰে চিকিসাধীন অৱস্থাতে দুজন ভক্তৰ নিশাই মৃত্যুক সাৱটি লোৱাৰ লগতে আন দুজন ভক্তই আজি ৰাতিপুৱা মৃত্যুবৰণ কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।