প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য়ায়ত ৰোড শ্ব’ কৰিব বিজেপিয়ে। বিজেপি চৰকাৰে নিযুক্তি আৰু ৰপ্তানি বৃদ্ধিৰ বাবে এই পৰিকল্পনা কৰিছে।
ৰাজস্থান চৰকাৰে লৈছে এই সিদ্ধান্ত। ৰাজ্যখনলৈ বিনিয়োগ অনা আৰু নিযুক্তি সৃষ্টি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান বিজেপিয়ে।
‘ৰাইজিং ৰাজস্থান’ অভিযানৰ অধীনত আয়োজন কৰা হ’ব আৰু ইয়াৰ উদ্দেশ্য হ’ব ৰাজ্যখনত বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰা।
দক্ষিণ কোৰিয়া আৰু জাপানকে ধৰি কেইবাখনো দেশত ‘ৰোড শ্ব’ অনুষ্ঠিত কৰা হ’ব। ৰাজস্থান চৰকাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে এই কথা।
৯ ৰ পৰা ১১ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া ‘ৰাইজিং ৰাজস্থান’ বিনিয়োগকাৰী সন্মিলনৰ প্ৰস্তুতি পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই কথা কয়। মুখ্যমন্ত্ৰীয়ে কয় যে, ‘ৰাইজিং ৰাজস্থান’ সন্মিলনে ৰাজস্থানত বিনিয়োগৰ বাবে নতুন দুৱাৰ মুকলি কৰিব।
কেতিয়া হ’ব ৰোড শ্ব
ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই কয় যে, ‘ৰাইজিং ৰাজস্থান’ সন্মিলনৰ জৰিয়তে ৰাজস্থানত নিযুক্তি আৰু বিনিয়োগকাৰী বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰা হৈছে। যাৰবাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ৰোড শ্ব ৯-১০ ছেপ্তেম্বৰত দক্ষিণ কোৰিয়াত আৰু ১১-১৩ ছেপ্তেম্বৰত জাপানত ৰোড শ্ব কৰিব ৰাজস্থান বিজেপিয়ে। এই ৰোড শ্ব’ৰ জৰিয়তে বিনিয়োগকাৰীসকলক আন্তঃগাঁথনি, ৰাসায়নিক পদাৰ্থ, অটোমোবাইল, ইলেক্ট্ৰনিক্স আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ দৰে খণ্ডত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ব।
ইউৰোপতো অনুষ্ঠিত হ’ব ৰোড শ্ব’
মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্য চৰকাৰে অনাগত দিনত ইউকে, জাৰ্মানী আৰু ইউএইৰ দৰে কেইবাখনো দেশত একে ধৰণৰ ৰোড শ্ব’ৰ আয়োজন কৰিব। এই মাহত ৰাজ্য চৰকাৰে দিল্লীত এটা ৰোড শ্ব’ আয়োজন কৰিবলৈ গৈ আছে। ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যখনত বিনিয়োগ বৃদ্ধি কৰি উৎপাদন আৰু নিযুক্তি দ্ৰুত কৰা।
৪.৫ লাখ কোটি বিনিয়োগ অনাৰ প্ৰস্তুতি চৰকাৰৰ
এই ৰোড শ্ব’ৰ উদ্দেশ্য হৈছে ৰাজ্যখনত ৪.৫ লাখ কোটি টকাৰ বিনিয়োগ অনা। দেশ-বিদেশৰ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই ব্যৱসায়ীসকলক সাক্ষাৎ কৰিব।
মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে, তেওঁৰ প্ৰথম লক্ষ্য হৈছে ৰাজ্যখনত ব্যৱসায়-অনুকূল পৰিৱেশ সৃষ্টি কৰা। ইয়াৰ বাবে বিভিন্ন স্তৰত পৰিৱৰ্তন কৰা হৈছে। পৰৱৰ্তী ৫ বছৰত আমি ৰাজস্থানক ৩৫০ বিলিয়ন ডলাৰৰ অৰ্থনীতি তৈয়াৰ কৰাৰ লক্ষ্য লৈছো।