মেষ- আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। শুভ নম্বৰ-৭, শুভ ৰং-মাখন আৰু বগা।
বৃষ- আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ নম্বৰ-৬, শুভ ৰং- গুলপীয়া
মিথুন- সোনকালে ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু চিন্তা হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ পেছাদাৰী মনোভাব বৃদ্ধি পাব। শুভ নম্বৰ- ৪, শুভ ৰং- মটীয়া
কৰ্কট- কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক হ’ব। মানসিক, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশান্তি আৰু খেলিমেলি হ’ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। শুভ নম্বৰ- ৩, শুভ ৰং- ৰঙা
সিংহ- আজি আপোনাৰ মাজত সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। শুভ নম্বৰ- ৬, শুভ ৰং- গুলপীয়া
কন্যা- আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছু উপদেশ দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত।শুভ নম্বৰ- ৫, শুভ ৰং- সেউজীয়া
তুলা- আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যাই দেখা দিব।শুভ নম্বৰ-৭, শুভ ৰং- মাখন আৰু বগা
বৃশ্চিক- প্ৰেম প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত ভাল। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য উন্নতি হ’ব। শুভ নম্বৰ-২, শুভ ৰং-সেউজীয়া
ধনু- আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ’ব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ ফালে আকৰ্ষণ কৰিব। স্বাস্থ্যৰ যতন ল’ব। শুভ নম্বৰ-৬, শুভ ৰং- গুলপীয়া
মকৰ- আশাবাদী হঁওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ নম্বৰ-৬, শুভ ৰং- স্বচ্ছ আৰু গুলপীয়া
কুম্ভ- প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। শুভ নম্বৰ- ৪, শুভ ৰং- ৰঙা
মীন- বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং- সুমথিৰা