‘জিগ্ৰা’ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ লগে লগে আৰম্ভ হৈছে প্ৰশংসাৰ বন্যা। ৮ ছেপ্টেম্বৰত ছবিখনৰ ২ মিনিট ৪৯ ছেকেণ্ডৰ ট্ৰেইলাৰ মুকলি কৰা হয়।তেতিয়াৰ পৰা আলিয়া আৰু সমগ্ৰ কলাকুশলী সকলোতে প্ৰশংসিত হৈছে। ইয়াৰ সুযোগ লৈ, ‘জিগ্ৰা’ৰ পৰিচালকে ক্ষমা বিচাৰে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ওচৰত।
আলিয়া ভাটৰ আহিবলগীয়া ছবি ‘জিগ্ৰা’ৰ ট্ৰেইলাৰ ৮ ছেপ্টেম্বৰত মুক্তি দিয়া হৈছে। চলচ্চিত্ৰখন অক্টোবৰৰ ১১ তাৰিখে ছবিগৃহলৈ আহিব। এই ছবিখনৰ ট্ৰেইলাৰে মানুহৰ উত্তেজনা যথেষ্ট বৃদ্ধি কৰিছে। এতিয়ালৈকে, কেৱল ‘স্ত্ৰী ২’ৰ নাম সকলোতে সামৰি লোৱা হৈছে, কিন্তু ‘স্ত্ৰী ২’ ৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰেও নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে আলিয়া ভাটৰ আহিবলগীয়া ছবিখনৰ প্ৰশংসা কৰিছে। শ্ৰদ্ধাৰ এই পোষ্টটোৰ পিছতেই , ‘জিগ্ৰা’ৰ পৰিচালকে কিছুদিন আগতে নিজৰ ভুলৰ বাবে শ্ৰদ্ধাৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰে।
যেতিয়া ‘জিগ্ৰা’ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল, বহু তাৰকাই ট্ৰেইলাৰ আৰু ছবিখনৰ কলা-কুশলীসকলক প্ৰশংসা কৰিছিল, যাৰ ভিতৰত আছিল শ্ৰদ্ধা কাপুৰৰ নাম। তেওঁ নিজৰ ইনষ্টাগ্ৰামত ‘জিগ্ৰা’ৰ ট্ৰেইলাৰটো পোষ্ট কৰে আৰু ইয়াৰ সৈতে লিখে যে, এই চিনেমাখন তেওঁ নিজৰ ভাতৃৰ সৈতে চিনেমা হ’লত উপভোগ কৰিব। লগতে তেওঁ নিজৰ ভাতৃকো এই পোষ্টত টেগ কৰে। একেটা পোষ্টতে তেওঁ আলিয়াকো টেগ কৰে।
শ্ৰদ্ধাৰ এই পোষ্ট দেখি ছবিখনৰ পৰিচালক বসন ভালাই লিখে যে, শ্ৰদ্ধাক তেওঁ বহুত ধন্যবাদ দিছে, লগতে তেওঁ আশা কৰে যে শ্ৰদ্ধাই এই ছবিখন উপভোগ কৰিব। ইয়াৰ লগতে তেওঁ শ্ৰদ্ধাৰ অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰে কাৰণ ‘স্ত্ৰী ২’ৰ সফলতাৰ বাবে তেওঁ সকলোকে প্ৰশংসা কৰিছিল যদিও শ্ৰদ্ধাক প্ৰশংসা কৰিবলৈ পাহৰি গৈছিল। যাৰ বাবে শ্ৰদ্ধা অনুৰাগীৰ দ্বাৰা ট্ৰোল হ’ব লগা হৈছিল।