দেশত এক অনন্য ঘটনা দেখা গৈছে, য’ত আৰক্ষীয়ে সন্মুখতেই আৰম্ভ হয় ডকাইতিৰ। আৰক্ষীয়ে ডাম্পিং য়াৰ্ডত ধ্বংস কৰিবলৈ অনা সুৰাৰ বটলক লৈ লাগে হেতা-ওপৰা। আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰে যদিও বাধা দিবলৈ সক্ষম নহয়।
এই ঘটনা সংঘটিত হয় অন্ধ্ৰপ্ৰদেশৰ গুন্টূৰত। য’ত আৰক্ষীৰ সন্মুখতেই সুৰাৰ বটল লুটি নিয়ে একাংশই। পুলিচে এই লোকক বাধা দিবলৈ চেষ্টা কৰে যদিও কিন্তু লোকেই সন্মত নহয়। আৰক্ষীৰ সন্মুখতেই তেওঁলোকে নিজৰ পচন্দৰ সুৰাৰ বটলটো তুলি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ সময়তেই অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ জিলাত আৰক্ষীয়ে ৫০ লাখ টকাৰ সুৰা জব্দ কৰে। আৰক্ষীয়ে এই সুৰাৰ বটলবোৰ সোমবাৰে ধ্বংস কৰাৰ সিদ্ধান্ত লয়। এছ পি সতীশ কুমাৰৰ নিৰ্দেশতেই এই সুৰাৰ বটলবোৰ ধ্বংস কৰাৰ ব্যৱস্থা লয় আৰক্ষীয়ে।
সোমবাৰে, আৰক্ষীয়ে ২৪,০৩১ টা সুৰাৰ বটল জব্দ কৰে।এই সুৰাৰ বটলবোৰ ধ্বংস কৰিবলৈ ঘটনাস্থলীলৈ প্ৰক্লইনক অনা হৈছিল। জ্যেষ্ঠ আৰক্ষী বিষয়াসকলও ঘটনাস্থলীত উপস্থিত আছিল।
স্থানীয় লোকসকলেও এই সুৰাৰ বটলবোৰ ধ্বংস কৰাৰ দৃশ্য চাবলৈ একত্ৰিত হয়। জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে ঘটনাস্থলীৰ পৰা উভতি যোৱাৰ লগে লগে স্থানীয় লোকসকলে সুৰাৰ ওপৰত জঁপিয়াই পৰে আৰু আৰক্ষীৰ সন্মুখত সুৰাৰ বটল লুণ্ঠন কৰিবলৈ আৰম্ভ কৰে।
কোনোৱে সুৰাৰ বটলক লৈ লগা টনা-আঁজোৰাৰ ভিডিঅ’ এটা ৰেকৰ্ড কৰি সামাজিক মাধ্যমত বিয়পাই দিয়ে। এই ভিডিঅ’টো তীব্ৰভাৱে ভাইৰেল হৈ পৰে।
সমগ্ৰ ঘটনাসন্দৰ্ভত আৰক্ষীয়ে কয় যে, কিছুমান লোকৰ পৰা সুৰাৰ বটল জব্দ কৰা হৈছে, যদিও কিছুমান লোক পলাতক। অতি শীঘ্ৰে সেই লোকসকলক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰক্ষীয়ে জানিবলৈ দিয়ে।