এক ভয়ংকৰ পথ দূৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে ধুবুৰীৰ ভৱালকামাৰীত। বিলাসীপাৰাৰ নয়াহাটত সংঘটিত হয় এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা। বৰকান্দাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।
এই পখ দূৰ্ঘটনাটোত দশম শ্ৰেণীৰ এগৰাকী স্কুলীয়া ছাত্ৰথিতাতে নিহত হয়। এই নিহত ছাত্ৰ জন ভৱালকামাৰী প্ৰথম খণ্ড গাঁৱৰ ফুলচান আলী শিকদাৰৰ পুত্ৰ কহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে।খবৰ অনুসৰি, ল’ৰাজনৰ বয়স ১৬ বছৰ বুলি জানিব পৰা গৈছে।
বৰকান্দাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো অচিনাকি বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় কহিনুৰ ইছলাম নামৰ এই স্কুলীয়া ছাত্ৰজনৰ। কুহিনুৰ ইছলাম বৰকান্দা পিপুলচ একাডেমীৰ দশম শ্ৰেণীৰ অধ্যয়ন কৰি আছিল। ছাত্ৰ জনৰ এই কৰুণ মৃত্যুত সমগ্ৰ ভৱালকামাৰীত শোকাকুল পৰিৱেশে বিৰাজ কৰিছ।