ভাৰতৰ গ্ৰাম্য উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। সমগ্ৰ ভাৰতত অতিৰিক্ত ২ কোটি ঘৰ প্ৰদানৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ আঁচনি আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে।
১৫ ছেপ্টেম্বৰ, ২০২৪ত অসমত ১,৭১,৫৯৩ টা নতুন PMAY-G গৃহ অনুমোদন লাভ কৰিছে হিতাধিকাৰীয়ে। ইয়াৰ লগতে সমগ্ৰ ৰাজ্যতে ১,০৩,৫৭৫ টা সম্পূৰ্ণ হোৱা PMAY- G ঘৰৰ বাবে গৃহপ্ৰৱেশ অনুষ্ঠানৰো আয়োজন কৰা হ’ব। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বাকী অংশৰ লগতে অসমতো দ্বিতীয় পৰ্যায়ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ (PMAY-G 2.0) ৰ শুভাৰম্ভ কৰা হ’ব।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে “সকলোৰে বাবে গৃহ নিৰ্মাণ” ৰ লক্ষ্য লৈছে। ইয়াৰ উদ্দেশ্য হৈছে সকলো পৰিয়ালেই যাতে নিৰাপদ আৰু মৰ্যাদাপূৰ্ণ বাসস্থান লাভ কৰে।