ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক আচৰিত কাণ্ড। চিকিৎসা মহাবিদ্যালয়ৰ পৰা আটক কৰা হৈছে এজন কৰ্মচাৰীক। OPD কাউণ্টাৰৰ ধন হৰলুকি কৰাৰ অভিযোগ কৰ্মচাৰীজনৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত এজন কৰ্মচাৰীৰ বিৰুদ্ধে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অভিযোগ উত্থাপন কৰিছে। মহাবিদ্যালয়খনৰেই OPD কাউণ্টাৰৰ ধন হৰলুকি কৰাৰ অভিযোগ কৰ্মচাৰীজনৰ বিৰুদ্ধে।
এই অভিযোগৰ পাছতেই ধুবুৰী আৰক্ষীয়ে আটক কৰে হাবিবুল আলম মণ্ডল নামৰ এই কৰ্মচাৰীজনক। ধুবুৰী আৰক্ষীয়ে এই কৰ্মচাৰীজনক আটক কৰি থানালৈ লৈ আনে। অধিক তথ্যৰ বাবে বৰ্তমানেও আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে।