চেন্নাইত চলি থকা ভাৰত আৰু বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্ট মেচত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰবিচন্দ্ৰন অশ্বিনে। মেচখনৰ প্ৰথম দিনাই অশ্বিনে নিজৰ টেষ্ট কেৰিয়াৰৰ ষষ্ঠ শতক অৰ্জন কৰি এতিয়াও অপৰাজিত হৈ আছে।
অশ্বিনে প্ৰকৃততে বেটিঙত নহয় অল ৰাউণ্ডাৰ হিচাপেহে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৬টা শতকৰ উপৰি অশ্বিনৰ নামত আছে ১৬টা অৰ্ধশতকো।
টেষ্ট ক্ৰিকেটত বেটছমেন হিচাপে ২০বাৰকৈ ৫০ বা তাতকৈ অধিক ৰান কৰা তথা বলিঙত এটা ইনিংছত ৩০বাৰতকৈ অধিক ৫ উইকেট লোৱা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে অশ্বিন।
১৪৭ বছৰীয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসত এইধৰণৰ অভিলেখ গঢ়া প্ৰথমগৰাকী ক্ৰিকেটাৰ অশ্বিন।
উল্লেখ্য যে, বাংলাদেশৰ বিৰুদ্ধে খেলা মেচখন অশ্বিনৰ টেষ্ট কেৰিয়াৰৰ ১০১ সংখ্যক খেল। তেওঁ বেটিঙত ৩৪০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে আৰু এই সময়ছোৱাত ৬টা শতক কৰাৰ উপৰি ১৪টা অৰ্ধশতকো অৰ্জন কৰিছে।
আনহাতে তেওঁ টেষ্ট মেচত ৩৬টাতকৈ অধিকবাৰ এটা ইনিংছত ৫টা বা তাতকৈ অধিক উইকেট দখল কৰিছে।
এতিয়ালৈকে আঠ বা তাতকৈ কম ক্ৰমত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ডেনিয়েল ভেট’ৰীৰ নামত। তেওঁৰ নামত আছে ৫টা শতক।