আজি ২০ ছেপ্তেম্বৰ। বৰেণ্য শিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকা অৰ্থাৎ ৰাণা দাৰ আজি জন্মদিন। শিল্পীগৰাকীৰ আজি ৮১ সংখ্যক ওপজা দিন। অসমৰ সংগীত জগতত এক নতুন ধাৰাৰ সৃষ্টিৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল শিল্পীগৰাকীয়ে।
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ তথা অসমীয়া সংগীতৰ এক উজ্জল নক্ষত্ৰস্বৰূপ জয়ন্ত হাজৰিকাৰ জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।তেওঁ সৃষ্টি কৰি যোৱা কালজয়ী গীতসমূহ বৰ্তমানেও অসমৰ ৰাইজৰ মাজত প্ৰচলিত আৰু প্ৰিয়।
জয়ন্ত হাজৰিকাই অসমীয়া লোক-সংগীত, শাস্ত্ৰীয় সংগীতৰ লগত পশ্চিমীয়া যন্ত্ৰসম্ভাৰৰ সংযোগেৰে এক নতুন ধ্বনিৰ সৃষ্টি কৰিছিল, যি তেখেতৰ সংগীতৰ এক বিশেষ বৈশিষ্ট্য আছিল।
১৯৪৩ চনৰ ২০ ছেপ্তেম্বৰত জন্ম লাভ কৰা জয়ন্ত হাজৰিকাই নিজৰ জীৱন কালত তেওঁ কেইবাটাও জনপ্ৰিয় গীত ৰচনা কৰি থৈ গৈছে৷ মঙলদৈৰ এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাণা দা সৰুকালৰ পৰাই সংগীতৰ মাজতে ডাঙৰ-দীঘল হৈছিল৷ তেওঁ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত অধ্যয়ন কৰিছিল যদিও মেট্ৰিকৰ দেওনাখনেই পাৰ হ’ব নোৱাৰিলে৷
ৰাণা দা অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ আছিল। নিজৰ জীৱনকালত তেখেতে বহুতো জনপ্ৰিয় গীত সৃষ্টি কৰি গৈছে, যিবোৰে বৰ্তমানেও সংগীত প্ৰেমীকসকলক আপ্লুত কৰি ৰাখিছে।
ৰাণা দাৰ গীতত অসমীয়া লোক সংগীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ’ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সংগীত আদিৰ সংমিশ্ৰণ কৰিছিল।
১৯৭৭ চনত ৰাণা দাই ‘নতুন আশা’ ছবিখনৰ সংগীত বাণীবদ্ধ কৰিবলৈ কলকাতালৈ যায়৷ তাতেই ৰোগত আক্ৰান্ত হৈ মাত্ৰ ৩৪ বছৰ বয়সতে তেওঁ মৃত্যুক সাৱটি লয়।