উচ্চতম ন্যায়লয়ৰ এক আচৰিত ঘটনা পোহৰলৈ আহে। কোনো দুৰ্বৃত্তই আহি উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল হেক কৰে। যাৰ বাবে চেনেলটো খুলিলেই তাত বাজি উঠে আমেৰিকাৰ ভিডিঅ’।
ইতিমধ্যে হেক হোৱাৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সকলো ভিডিঅ’ চেনেলটোৰ পৰা নোহোৱা হৈ গৈছে। ইয়াৰ বিপৰীতে চেনেলটো খুলিলেই তাত দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ কোম্পানী ‘ৰিপল লেবছে’ ক্ৰিপ্টোকাৰেন্সী এক্সআৰপিৰ এড ভিডিঅ’।
এই ইউটিউব চেনেলটো উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থৰ সৈতে সম্পৰ্কিত বিষয়ৰ সৈতে সম্পৰ্কিত পোনপটীয়া শুনানি সম্প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰি আহিছিল।যিয়ে সংবিধান বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰে।
এই চেনেলটোৰ জৰিয়তে শীৰ্ষ ন্যায়ালয়ে সংবিধান বিচাৰপীঠৰ সন্মুখত কলকাতাৰ আৰ জি কৰ গোচৰৰ শুনানিৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি আছিল।
ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক গোচৰ ৰুজু কৰিছে আৰু দোষীক বিচাৰি ক্ষিপ্ৰগতিত তদন্ত চলাই আছে।












