জম্মু-কাশ্মীৰত এখন বিশাল জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ পাকিস্তানক কঠোৰ সকিয়নী প্ৰদান কৰে। এই জনসভাতে প্ৰধানমন্ত্ৰী মোদীয়ে এই নিৰ্বাচন জম্মু-কাশ্মীৰৰ ভৱিষ্যত বুলি অভিহিত কৰে।
জম্মু-কাশ্মীৰত চলি থকা বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে প্ৰচাৰ চলাবলৈ আজি জম্মুত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এইখনেই অন্তিমখন প্ৰচাৰ সভা বুলি মন্তব্য কৰে।
জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মই বিগত এসপ্তাহত জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চল যোৱাৰ সুযোগ লাভ কৰিছো। মই য’তেই গৈছো তাতেই বিজেপিয়ে অভূতপূৰ্ব সমৰ্থন লাভ কৰিছে’।
প্ৰধানমন্ত্ৰী মোদীয়ে জম্মুৰ জনসভাত কয়, ‘এই ধৰাত দেশৰ সুৰক্ষাৰ বাবে নিজকে বলিদান দিয়া বহু সন্তান দিছে, প্ৰণাম জনাইছো। আজিৰ দিনটো শ্বহীদ বীৰ চৰ্দাৰ ভগত সিঙৰ জন্ম বাৰ্ষিকী, তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো’।
তেওঁ লগতে কয়, ‘মা নৱৰাত্ৰিৰ দিনটোত অৰ্থাত ৮ অক্টোবৰত ফলাফল ঘোষণা কৰা হ’ব আৰু আমি সকলোৱে মাতা বৈষ্ণো দেৱীৰ ছাঁত ডাঙৰ হৈছো আৰু ১২ অক্টোবৰত বিজয়া দশমী। এইবাৰ বিজয়া দশমী আমাৰ সকলোৰে বাবে এক শুভ আৰম্ভণি হ’ব। জম্মু হওক, সাম্বা হওক, কথুৱা হওক, একেটা শ্লোগানে সকলোতে প্ৰতিধ্বনিত হৈছে, ‘জম্মু কি য়েহী পুকাৰ, আ ৰহী হে ভাজপা চৰকাৰ’।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে আজি ২৮ ছেপ্তেম্বৰ, ২০১৬ চনত আজি নিশা চাৰ্জিকেল ষ্ট্ৰাইক হৈছিল। ভাৰতে বিশ্ববাসীক জনাই দিছিল এয়া নতুন ভাৰত। শত্ৰুৰ দেশত প্ৰৱেশ কৰি মাৰিব পাৰে। সন্ত্ৰাসৰ মালিকসকলে জানে যে যদি তেওঁলোকে কিবা ভুল কৰে তেন্তে মোদীয়ে তেওঁলোকক নৰকতো চিকাৰ কৰিব। কংগ্ৰেছ হৈছে সেই দল যিয়ে আমাৰ সেনাৰ পৰা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰিছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘কংগ্ৰেছ সেই দল যিয়ে আজিও চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত পাকিস্তানৰ ভাষা কয়। এনে কংগ্ৰেছক আপোনালোকে ক্ষমা কৰিব পাৰিবনে? দেশৰ বাবে মৃত্যু হোৱাসকলক কংগ্ৰেছে কেতিয়াও সন্মান কৰিব নোৱাৰে।‘