মধ্যপ্ৰদেশৰ মাইহাৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী বাছে ডাম্পাৰত খুন্দিওৱাৰ ফলত ৬ জন লোকৰ থিতাতে কৰুণ মৃত্যু হয়। উদ্ধাৰকাৰী দলে বাছখনৰ ভিতৰত আবদ্ধ হৈ থকা মৃতদেহ সমূহৰ লগতে আহত যাত্ৰীসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।
চিকিৎসাৰ সময়ত গুৰুতৰভাৱে আহত তিনিজন লোকৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰায় ২১ জন লোক আহত হৈছে।
তথ্য অনুসৰি মাইহাৰ জিলাৰ নাদান দেহাত থানা এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা। য’ত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা ডাম্পাৰ এখনত খুন্দা মাৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে বাছখনৰ গতিবেগ বেছি আছিল যাৰ বাবে চালকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে মাইহাৰ জিলাৰ আৰক্ষী অধীক্ষককে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকল সেই স্থানত উপস্থিত হৈ আহত যাত্ৰীসকলক মাইহাৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। সম্প্ৰতি কেইবাগৰাকীও যাত্ৰী ইয়াত চিকিৎসাধীন হৈ আছে।
জানিব পৰা মতে বাছখন প্ৰয়াগৰাজৰ পৰা নাগপুৰলৈ গৈ আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বাছখনৰ ভিতৰত আবদ্ধ হৈ থকা মৃতকৰ মৃতদেহ জেচিবি কাটাৰৰ জৰিয়তে উলিয়াই অনা হয়। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট কৰা হৈছে।