জাপানৰ স্বেচ্ছাসেৱী সংগঠন নিহন হিদানকেয়োক শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছে। এই সংগঠনটোৱে পাৰমাণৱিক অস্ত্ৰমুক্ত পৃথিৱী গঢ়াৰ বাবে এই সন্মান লাভ কৰিছে।
তথ্য অনুসৰি নৰৱে’ৰ নোবেল কমিটীয়ে এইবাৰৰ শান্তি নোবেল বঁটাৰ বাবে মুঠ ২৮৬ জন প্ৰাৰ্থীৰ পৰা আবেদন লাভ কৰিছিল। যোৱাবাৰ অৰ্থাৎ ২০২৩ চনত ইৰাণৰ সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী নৰ্গিছ মহম্মদীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।
নোবেল প্ৰাইজনকৰ তৰফৰ পৰা এক্সযোগে শ্বেয়াৰ কৰা এটা পোষ্টত উল্লেখ কৰে যে জাপানৰ স্বেচ্ছাসেৱী সংগঠন নিহন হিদানকেয়োক ২০২৪ বৰ্ষৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
পাৰমাণৱিক অস্ত্ৰৰ পৰা মুক্ত এখন পৃথিৱী সৃষ্টিৰ আৰু এই অস্ত্ৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে বুলি চলাই থকা অভিযানৰ বাবে তেওঁলোকক এই বঁটা প্ৰদান কৰা হৈছে।