উচ্চতম ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়দান। অসম সন্মিলিত মহাসংঘই দিয়া গোচৰৰ ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৫জনীয়া সংবিধানপীঠে এই ৰায় প্ৰদান কৰে।১৯৭১ চনৰ ২৫ মাৰ্চেই হৈ থাকিব অসম নাগৰিকত্বৰ ভিত্তিবৰ্ষ অৰ্থাৎ ১৯৭১ য়ে হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ উপৰি ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, আৰু মনোজ মিশ্ৰই ১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায় দিয়ে। আনহাতে জে বি পাৰ্ডিৱালাই এই মতৰ বিপক্ষে ৰায় দিয়ে।
নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰাক প্ৰত্যাহ্বান জনাই গোচৰ দিছিল অসম সন্মিলিত মহাসংঘৰ মতিউৰ ৰহমানে।
অৱশেষত উচ্চতম ন্যায়ালয়ে প্ৰদান এই সন্দৰ্ভত প্ৰদান কৰিলে এই গুৰুত্বপূৰ্ণ ৰায়। আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় অনুসৰি অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চলৈ বাহাল থাকিব।
২০২৩ৰ ১২ ডিচেম্বৰত হৈছিল নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ৰ শুনানি। শুনানিৰ ১০ মাহৰ পিছত ৰায় প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে।