বিষাক্ত সুৰাই পুনৰ প্ৰাণ কাঢ়িলে কেইবাজনো লোকৰ। বিহাৰত বিষাক্ত সুৰা সেৱনৰ ফলত প্ৰায় ২৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। লাভ কৰা তথ্য অনুসৰি ছিৱান আৰু ছাপৰা জিলাত এই মৃত্যুৰ ঘটনা সংঘটিত হৈছে।
আৰক্ষীৰ তথ্য অনুসৰি ছিৱানত বিষাক্ত সুৰা সেৱন কৰি ২০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ছাপৰাত ৮ জন লোকৰ মৃত্যু হৈছে। বিষাক্ত সুৰা সেৱনৰ ফলত আন বহু লোক গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। জানিব পৰা অনুসৰি বিষাক্ত সুৰা সেৱনৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোকসকলৰ অৱস্থা অতি সংকটজনক।
ইফালে এই ট্ৰেজিক ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰত্নেশ ছাদাই এক অদ্ভুট মন্তব্য আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে এয়া প্ৰশাসনিক ব্যৰ্থতা নহয় বুলি উল্লেখ কৰে। ইমানবোৰ মানুহৰ মৃত্যুৰ পিছতো এয়া প্ৰশাসনিক বিফলতা নহয় বুলি উল্লেখ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অৱশ্যে মন্ত্ৰীগৰাকীয়ে সুৰা মাফিয়া সকলৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ আইন (চিচিএ) জাপি দিয়া হ’ব বুলি ডাঙৰ মন্তব্য কৰে।