ইজৰাইলৰ সেনাই হামাছৰ নেতা য়াহয়া ছিনৱাৰক হত্যা কৰা বুলি দাবী কৰাৰ পিছতে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এটা ডাঙৰ ঘোষণা কৰিছে। বৃহস্পতিবাৰে দেশবাসীক কৰা সম্বোধনত তেওঁ কয় যে হামাছৰ সৈতে চলি থকা যুদ্ধ কালিলৈ শেষ কৰিম, কিন্তু ইয়াৰ বাবে হামাছে তেওঁলোকৰ হাতত বন্দী হৈ থকা পণবন্দীসকলক মুকলি কৰি দিব লাগিব।
অৱশ্যে হামাছে ইজৰাইলৰ চৰ্ত মানি লয় নে নলয় সেয়া লক্ষ্যণীয় হ’ব, কাৰণ ইজৰাইলৰ সেনাই হামাছৰ কেইবাগৰাকীও ডাঙৰ নেতাক হত্যা কৰিছে।
জানিব পৰা অনুসৰি, এতিয়াও হামাছৰ হাতত বন্দী হৈ আছে অতি কমেও ১০২ গৰাকী লোক আৰু এই লোকসকলক উদ্ধাৰৰ বাবে ইজৰাইলে সৰ্বতোপ্ৰকাৰৰ চেষ্ট অব্যাহত ৰাখিছে।
বেঞ্জামিন নেতান্যাহুৱে ভিডিঅ’ বাৰ্তাযোগে গাজাৰ লোকসকলক এক বিশেষ বাৰ্তা প্ৰদান কৰি কয় যে আপোনালোকে সিংহ বুলি ভাবি থকা ছিনৱাৰ নিজেই গুহাত আত্মগোপন কৰি আছিল। তেওঁ আপোনালোকৰ কোনো উপকাৰ কৰা নাছিল।
উল্লেখ্য যে, ছিনৱাৰৰ মৃত্যুত অত্যন্ত সুখী আমেৰিকা। হামাছৰ শীৰ্ষ নেতাগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কালি ইজৰাইলৰ প্ৰধানমন্ত্ৰীক ফোন কৰি শুভেচ্ছা প্ৰদান কৰে। তদুপৰি যুদ্ধ সন্দৰ্ভত ইজৰাইলৰ আগন্তুক পৰিকল্পনা সন্দৰ্ভতো আলোচনা কৰে।
ইজৰাইল আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছিনৱাৰ
বিগত বৰ্ষৰ ৭ অক্টোবৰত হঠাতে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ আঁৰত মূল ভূমিকা আছিল পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছৰ শীৰ্ষ নেতা য়াহয়া ছিনৱাৰ। এই যুদ্ধৰ এবছৰৰ দহ দিনৰ মূৰত ইজৰাইৰ সেনাই এই শীৰ্ষ নেতাজনক নিশেষ কৰিবলৈ সক্ষম হয়। ছিনৱাৰৰ মৃত্যু হামাছৰ বাবে মোক্ষম আঘাত হিচাপে চিহ্নিত হৈছে। কিয়নো ইয়াৰ পূৰ্বে ৩১ জুলাইত হামাছৰ মুৰব্বী ইছমাইল হানিয়া আৰু কিছুদিন পূৰ্বে তেওঁৰ সহযোগী হিজবুল্লাহ প্ৰধান হাছান নচৰল্লাহকো ইজৰাইল সেনাই হত্যা কৰিবলৈ সক্ষম হৈছে।