আৰ্থিক দুৰৱস্থাৰ পিছতো নিজেই কষ্ট কৰি আজুৰি আনিলে ভাল খবৰ। এসময়ত নলবাৰীত বাতৰি কাকতৰ হকাৰ হৈও NEET পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাবী ছাত্ৰই।
এসময়ত পুৱাই ঘৰে ঘৰে বাতৰি বিলোৱা গৌৰৱ বৈশ্য এতিয়া হ’লগৈ নলবাৰীৰ গৌৰৱ। MBBS ৰ ছাত্ৰ হৈ গৌৰৱে দেখুৱালে অনন্য নিদৰ্শন। ঘৰে ঘৰে বাতৰি কাকত বিতৰণ কৰা গৌৰৱে NEET পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্ত্তি কৰিলে বংগৰ মেডিকেল কলেজত।
নলবাৰীৰ বেলশৰৰ নহিকাকুছি চুবুৰিৰ নিৰঞ্জন বৈশ্য আৰু অঞ্জু বৈশ্যৰ একমাত্ৰ পুত্ৰ গৌৰৱৰ সফলতাত আজি পৰিয়ালত বৈছে আনন্দৰ চকুলো।
এদিন এজন ভাল চিকিৎসক হোৱাৰ সপোন দেখা ল’ৰাজন আজি অনেক ঘাত-প্ৰতিঘাত নেওচি সঁচাকৈয়ে আজি গৌৰৱ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হ’ল।
থাকিবলৈ মাত্ৰ এটা সাধাৰণ বাসগৃহ৷ কোনোমতে পৰিয়ালটো চলি আছে৷ গৌৰৱৰ পিতৃ আছিল বাতৰি কাকত বিতৰক। আৰ্থিক দৈন্যতাৰ বাবে হকাৰ পিতৃৰ বৃত্তি গ্ৰহণ কৰিছিল পুত্ৰই।
ইফালে দুবেলা দুমুঠি যোগাৰ কৰিবলৈ মাতৃয়ে পাণ-তামোলৰ দোকান দিছিল। আনহাতে পিতৃ আজি পেচাত এগৰাকী চিকিউৰিটি গাৰ্ড।
চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ পিছতো নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ’বলৈ থমকি নোৰোৱা গৌৰৱৰ এই সফলতাত আজি গৌৰৱান্বিত বেলশৰৰ লগতে সমগ্ৰ নলবাৰী ৰাইজ।