বুধবাৰে ৰাছিয়াৰ কাজান চহৰত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ ক্লজ প্লেনেৰী (বন্ধ কোঠা) বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ মতামত প্ৰকাশ কৰি সন্ত্ৰাসবাদক বিশ্বৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি বুলি অভিহিত কৰে।
তেওঁ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত দ্বৈত মানদণ্ডৰ কোনো স্থান নাই। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ব্ৰিকছৰ দেশসমূহে একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে যুঁজিব লাগিব। তেওঁ ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথাও পুনৰ উল্লেখ কৰে।
ৰাছিয়া-ইউক্ৰেইন আৰু ইজৰাইল-হামাছৰ যুদ্ধৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমি যুদ্ধ নহয়, আলোচনা আৰু কূটনীতিক সমৰ্থন কৰো। আমি যেনেকৈ একেলগে ক’ভিডৰ দৰে প্ৰত্যাহ্বানক পৰাস্ত কৰিলোঁ, ঠিক সেইদৰে আমি ভৱিষ্যত প্ৰজন্মৰ নিৰাপদ, শক্তিশালী আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে নতুন সুযোগ সৃষ্টিৰ প্ৰয়াস কৰিব লাগিব।”
মোদীয়ে কয়, “আমাৰ এই বৈঠকত এনেকুৱা সময়ত হৈছে য’ত যুদ্ধ, সংঘাত, অৰ্থনৈতিক অনিশ্চয়তা, জলবায়ু পৰিৱৰ্তন, সন্ত্ৰাসবাদৰ দৰে বহু প্ৰত্যাহ্বানৰ মাজত বিশ্ব ভাৰাক্ৰান্ত হৈ আছে। বিশ্বত উত্তৰ-দক্ষিণ আৰু পূব-পশ্চিম বিভাজনৰ কথা চৰ্চা হৈ আছে।”
তেওঁ লগতে মুদ্ৰাস্ফীতি প্ৰতিৰোধ, খাদ্য সুৰক্ষা, শক্তি সুৰক্ষা, স্বাস্থ্য সুৰক্ষা, জল সুৰক্ষা সকলো দেশৰ বাবে অগ্ৰাধিকাৰ বিষয় বুলিও মত পোষণ কৰে।
“আমি এই বাৰ্তা বিশ্ববাসীক দিয়া উচিত যে ব্ৰিকছ কোনো বিভাজনকাৰী নহয় বৰঞ্চ জনস্বাৰ্থৰ গোট”, এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী বিত্তীয় সাহায্যৰ সৈতে মোকাবিলা কৰিবলৈ আমি সকলোৱে একত্ৰিত হৈ শক্তিশালী সহযোগিতা কৰিব লাগিব। ইমান গুৰুতৰ বিষয়ত দ্বৈত মানদণ্ডৰ কোনো স্থান নাই বুলিও উল্লেখ কৰে।