পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বাজাউৰ জিলাত চোৰাংচোৱাৰ তৰফৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত ৯জন উগ্ৰপন্থীৰ মৃত্যু হৈছে। পাকিস্তানী সেনাই প্ৰদান কৰে এই তথ্য।
পাকিস্তান সেনাৰ মিডিয়া গোট ইণ্টাৰ চাৰ্ভিচেজ পাব্লিক ৰিলেচনছে জনোৱা মতে, অঞ্চলটোত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা বুলি লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে এই অভিযান আৰম্ভ কৰে। অভিযানৰ পিছতেই দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীচালনা হয়।
আই এছ পি আৰে জনোৱা মতে, নিৰাপত্তাৰক্ষীৰ অভিযানত মৃত্যু হোৱা ৯জন সন্ত্ৰাসবাদীৰ ভিতৰত দুজন আত্মঘাতী বোমাৰু আৰু সন্ত্ৰাসবাদী সংগঠনটোৰ এজন গুৰুত্বপূৰ্ণ নেতাও আছিল।
সেনাই জনোৱা মতে, নিহত উগ্ৰপন্থী কেইজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু বিস্ফোৰক সামগ্ৰীৰ বৃহৎ ভঁৰাল উদ্ধাৰ কৰা হৈছে।
আই এছ পি আৰে জনোৱা মতে, অঞ্চলটোত আন কেইবাজনো উগ্ৰপন্থী সংগঠনৰ সদস্যই আত্মগোপন কৰি আছে আৰু তেওঁলোকক নিৰ্মূল কৰাৰ বাবে বৃহত অভিযান আৰম্ভ কৰা হৈছে।