ধুবুৰী জিলাৰ তামাৰহাটৰ হৰিপুৰ গাঁৱৰ মহম্মদ আবু হাছমিউদ দোজা নামৰ মেধাবী শিক্ষাৰ্থীজনে ২০২৪ চনৰ নেচনেল ডিফেঞ্চ একাডেমী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
তামাৰহাট থানাৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ বাসিন্দা তথা হাতীধুৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক আব্দুল হামিদ শ্বেখৰ পুত্ৰ মহম্মদ আবু হাছমিউদ দোজাই গোৱালপাৰা সৈনিক স্কুলত ষষ্ঠ শ্ৰেণীৰ পৰা অধ্যয়ন কৰি ২০২৩ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।
ইয়াৰ পিছত হায়দৰাবাদত অনুষ্ঠিত ২০২৪ৰ নেচনেল ডিফেঞ্চ একাডেমী পৰীক্ষাত ১৫৩ বেটচৰ ২৬৩ সৰ্ব ভাৰতীয় ৰেংক লাভ কৰিবলৈ সক্ষম হয় মহম্মদ আবু হাছমিউদ দোজা।
ইয়াৰ উপৰি মহম্মদ আবু হাছমিউদ দোজাই সৈনিক স্কুলত অধ্যয়নৰত অৱস্থাত এন চি চিত ভাল পাৰদৰ্শিতা দেখুওৱাৰ বাবে ২০২০ চনত বীৰ চিলাৰায় বঁটা লাভ কৰাৰ লগতে উক্ত বছৰতে নতুন দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশ গ্ৰহণ কৰিছিল।
এই মেধাসম্পন্ন যুৱকজনৰ সফলতাত তেওঁৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজ আনন্দিত হৈ পৰিছে।