৯০ দশকৰ এগৰাকী সুন্দৰী অভিনেত্ৰী হিচাপে ৱাহিদা ৰহমানৰ নাম শীৰ্ষত আছিল। তেওঁৰ সুন্দৰতাৰ লগতে উৎকৃষ্ট অভিনয়েও দৰ্শকক যথেষ্ট আপ্লুত অৱশ্যে এটা সময় আছিল, যেতিয়া এটা গীতৰ বাবে বিতৰ্কত সাঙোৰ খাইছিল সুন্দৰী ৱাহিদা ৰহমানৰ নাম।
ৱাহিদা ৰহমানক অতীতৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ লগতে সেই সময়ৰ আটাইতকৈ ধুনীয়া অভিনেত্ৰীৰ ভিতৰত গণ্য কৰা হৈছিল। তেওঁ বহু ছুপাৰহিট ছবি কৰিছে, যাৰ গীত এতিয়াও মানুহৰ ওঁঠত আছে। ইয়াৰে এটা গীত হৈছে ‘চৌধ্বিন কা চান্দ’।
অৱশ্যে এই গীতটো যেতিয়া চিত্ৰগ্ৰহণ কৰা হৈছিল, তেতিয়া ৱাহিদা ৰহমানৰ বাবেই ইয়াৰ দৃশ্যৰ কেইছেকেণ্ডমান আঁতৰাবলৈ ওলাইছিল, কিন্তু শেষত গীতটো ঠিক তেনেদৰেই মুক্তি পালে।
ৱাহিদা ৰহমানৰ সৈতে এই গীতটিৰ মুখ্য অভিনেতা আছিল গুৰু দত্ত। এই গীতটোৰ শ্বুটিঙৰ বাবে এটা ভয়ংকৰ চেট নিৰ্মাণ কৰা হৈছিল। ৱাহিদা ৰহমানে কপিল শৰ্মাৰ অনুষ্ঠানত এই গীতটোৰ দৃশ্য আঁতৰোৱাৰ কথা প্ৰকাশ কৰিছিল।
অভিনেত্ৰীগৰাকীয়ে কয় যে, গুৰু দত্তই এই গীতটোক অতি বিশেষ কৰি তুলিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁও বহুত কষ্ট কৰিছিল।
‘Chaudhvin ka chand’ ছবিখনৰ টাইটেল ট্ৰেক আছিল, গীতটো সম্পূৰ্ণ ৰেডি হৈছিল যদিও গুৰু দত্তই বিচাৰিছিল এই গীতটো ৰঙীনভাৱে মুক্তি পাওক। ইয়াৰ বাবে এই গীতটো পুনৰ ৰচনা কৰে। যাৰ বাবে এই গীতটো পুনৰ চেঞ্চৰ ব’ৰ্ডলৈ প্ৰেৰণ কৰা হয়। যদিও আগৰ গীতটোক কোনো সমস্যা নোহোৱাকৈ চেঞ্চৰ ব’ৰ্ডে চাৰ্টিফিকেট দিছিল, কিন্তু ৰঙীনভাৱে মুক্তি পোৱাৰ লগে লগে ৱাহিদা ৰহমানৰ এটা দৃশ্য আঁতৰোৱাৰ কথা পোহৰলৈ আহিব ধৰে।
গীতটোৰ কোনটো দৃশ্য আছিল সেইটো?
গীতটোত ৱাহিদাৰ দৃশ্যৰ বিষয়ে সোধাত চেঞ্চৰ ব’ৰ্ডে কয় যে, এটা দৃশ্যত গুৰু দত্তলৈ চালে যথেষ্ট কামুক দেখা যায়। চেন্সৰ ব’ৰ্ডৰ পৰা এই কথা শুনাৰ পিছত গুৰু দত্তই আপত্তি প্ৰকাশ কৰি কয় যে, এই গীতটো স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ ওপৰত চিত্ৰগ্ৰহণ কৰা হৈছে, কিন্তু যদি দুয়োজন দৃশ্যটোত কোনো অমাৰ্জিত কামত লিপ্ত হৈ থকা নাই, তেন্তে আন কোনো দৃশ্যত কি সমস্যা হ’ব পাৰে। অভিনেতাজনৰ যুক্তিয়ে কাম কৰে আৰু কোনো অংশয়েই আঁতৰ নকৰাকৈ এই দৃশ্যটো মুক্তি পায়।