মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ দাবানল। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, মঙলবাৰে ইজৰাইলে উত্তৰ গাজাত স্থানচ্যুত পেলেষ্টাইনীসকলে বাস কৰা পাঁচ মহলীয়া অট্টালিকাত আক্ৰমণ চলায়। যাৰ ফলত কমেও ৭৭ জন লোক নিহত হয়, ইয়াৰে আধাতকৈও অধিক মহিলা আৰু শিশু।
ইজৰাইলৰ সীমান্তৰ সমীপৰ উত্তৰ দিশৰ বেইট লাহিয়া চহৰত সংঘটিত হোৱা এই আক্ৰমণত আন ২০ জন লোক আহত হৈছে বুলি মন্ত্ৰালয়ৰ জৰুৰীকালীন সেৱাই জানিবলৈ দিয়ে।
প্ৰতিবেদন অনুসৰি, মৃত্যুৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। উত্তৰ ষ্ট্ৰিপৰ বেইট লাহিয়াৰ এটা আৱাসিক অট্টালিকাত সংঘটিত হোৱা এই আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৭লৈ বৃদ্ধি হোৱা বুলি প্ৰকাশ পাইছে।
উল্লেখ্য যে, এই আক্ৰমণ সংঘটিত হোৱা অঞ্চলৰ আটাইতকৈ ডাঙৰ চিকিৎসালয়খন হৈছে আল-আউদা হাস্পতাল। যদিও সেই চিকিৎসালয়খনৰ হাতত এতিয়া আৰু আহতসকলৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত সম্পদ নাই। তথাপিও এই চিকিৎসালয়খন এতিয়াও কাৰ্যক্ষম হৈ আছে।
এই আক্ৰমণৰ ধ্বংসাৱশেষৰ পৰা অধিক লোকক উলিয়াই অনা হৈছে। সেইসকলৰ অৱস্থা অতি গুৰুতৰ। আহতসকলৰ শৰীৰৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হৈছে। বৰ্তমানেও যথেষ্ট সংখ্যক লোক নিৰুদ্দেশ হৈ আছে।
বিস্ফোৰণৰ তীব্ৰতাৰ বাবে অট্টালিকাসমূহ টুকুৰা টুকুৰ হৈ পৰিছে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলী সেনাই এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই।