বিধানসভা নিৰ্বাচনক লৈ চলি আছে ৰাজনীতি। এতিয়া মুখ্যমন্ত্ৰীক লৈ আন এক বৃহৎ ৰাজনৈতিক হুলস্থুলৰ সৃষ্টি হৈছে। য’ত ৫ বছৰত মুখ্যমন্ত্ৰী বয়স বৃদ্ধি পাইছে ৭ বছৰ।
এনে এক অলৌকিক ঘটনা ঘটিছে ঝাৰখণ্ডত। সেইয়াও কোনো সাধাৰণ ব্যক্তিৰ লগত নহয়, ৰাজ্যৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনৰ লগত।
দৰাচলতে মুখ্যমন্ত্রী হেমন্ত ছোৰেনৰ বিধানসভা নির্বাচনৰ সময়ত ২০১৯ চনত তেওঁৰ মনোনয়ন পত্ৰত তেওঁৰ বয়স ৪২ বছৰ বুলি উল্লেখ কৰা হৈছিল৷ কিন্তু ২০২৪ বৰ্ষত মনোনয়ন পত্ৰত তেওঁৰ বয়স আছিল ৪৯ বছৰ। অৰ্থাৎ সময় বাঢ়িল ৫ বছৰ, ইফালে মুখ্যমন্ত্ৰী ছোৰেনৰ বয়স বৃদ্ধি হৈ হ’ল ৭ বছৰ।
একেৰাহে দুবাৰকৈ বৰহেট বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত জয়লাভ কৰি আহিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে। তৃতীয়বাৰৰ বাবে তেওঁ ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে।
মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ মনোনয়ন পত্ৰ উল্লেখ থকা বয়স সন্দৰ্ভত বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰিছে। ২০২৪ চনত দাখিল কৰা শপতনামাত হেমন্ত ছোৰেণৰ বয়স যদিহে শুদ্ধ হয়, তেন্তে ২০১৯ চনত তেওঁ ঘোষণা কৰা বয়স ভুল আছিল বুলি উত্তৰ দিব লাগিব। এতিয়া তেওঁৰ বয়সৰ বাবে ঝাৰখণ্ডত নতুন ৰাজনৈতিক হুলস্থুলৰ সৃষ্টি হৈছে।
ইফালে হেমন্ত ছোৰেনে ২ ডিচেম্বৰ ২০১৯ চনত দাখিল কৰা শপতনামাত বয়স ৪২ বছৰ আৰু ঠিকনা হাৰমু হাউছিং কলনী, বি-টাইপ, থানা আৰ্গোণ্ডাৰ বুলি লিখিছে আৰু নিজকে ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী বুলি অভিহিত কৰিছে।
পিছে বৰ্তমান অৰ্থাৎ ২০২৪ চনৰ ২৪ অক্টোবৰত আপলোড কৰা শপতনামাত হেমন্ত ছোৰেনৰ বয়স ৪৯ বছৰ, ঠিকনা – হাৰমু হাউছিং কলনী, বি টাইপ, থানা আৰ্গোৰা , জিলা ৰাঁচী (ঝাৰখণ্ড)বুলি পঞ্জীয়ন কৰা হৈছে।