পুৱাই সংঘটিত হোৱা জলপাইগুৰিত কাৰ ভুলৰ বাবে হ’ল ভয়ংকৰ দুৰ্ঘটনা। চালকৰ ভুলৰ বাবেই গ’ল কেইবাজনো লোকৰ প্ৰাণ।
ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ জয়া বৰ্মানৰ ভাষ্য মতে ৰে’লৰ চালকৰ ভুলৰ বাবেই সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ৰে’লখনৰ চালকে মনা নাছিল সংকেত। সংকেত নামানি চলাই নিছিল ৰে’লখন। এই দুৰ্ঘটনাত প্ৰাণ যাত্ৰীৰ লগতে প্ৰাণ গৈছিল মালবাহী ৰে’লৰ চালক আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ গাৰ্ডৰ। মালবাহী বাহনৰ চালকজনে সংকেত নামানি খুন্দিয়াইছিল কাঞ্চনজংঘা এক্সপ্ৰেছক। তদন্তৰ পিছত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। সংকেত নামানি চলাই গৈ আছিল মালবাহী ৰে’লখন। ইয়াৰ পিছতে মালবাহী ট্ৰেইনখনে খুন্দা মাৰিছিল কাঞ্চনজংঘা এক্সপ্ৰেছৰ পিছফালে থকা গাৰ্ড থকা দবাটো।
আনহাতে এই দুৰ্ঘটনাৰ পিছতে হেল্প ডেস্ক স্থাপন কৰা হৈছে জলপাইগুৰি ষ্টেশ্যনত। আনহাতে এই দুৰ্ঘটনাৰ অধিক তথ্য লাভৰ বাবে অব্যাহত আছে তদন্ত।