পাহাৰৰ উপত্যকা, গছ-গছনি আৰু নদী। এই দৃশ্যবোৰ দেখি উত্তৰাখণ্ডৰ আলমোৰাত বাছেৰে যাত্ৰা কৰি আছিল ৪২ গৰাকী যাত্ৰী। কিন্তু যাত্ৰাৰ মাত্ৰ ৩০ মিনিটৰ পাছত হঠাতে বাছখনত হয় এক জোকাৰণি। চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন ২০০ মিটাৰ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ৩৬ গৰাকী যাত্ৰী মৃত্যুমুখত হয়। একে সময়তে গুৰুতৰভাৱে আহত তিনিগৰাকী যাত্ৰীক বিমানেৰে লৈ যোৱা হয়।
যাত্ৰীসহ এই বাছখন কিনাথৰ পৰা ৰামনগৰলৈ গৈ আছিল। কিনাথৰ পৰা ৰামনগৰলৈ দূৰত্ব প্ৰায় ৫৪ কিলোমিটাৰ। কিন্তু পাহাৰীয়া পথৰ বাবে বাছ চালকসকলে প্ৰায় দুঘণ্টাত যাত্ৰা সম্পূৰ্ণ কৰে। কিনাথৰ পৰা ৪২ গৰাকী যাত্ৰী লৈ মাৰ্চুলালৈ গৈছিল বাছখন। ইফালে হঠাতে এক জোকাৰণি পাই বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাগৰি পৰে দ’ খাৱৈত।
লগে লগে পথচাৰীসকলে এই দুৰ্ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে। স্থানীয় থানাৰ পৰা আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত। এছডিআৰএফ আৰু এনডিআৰএফৰ দলকো এই বিষয়ে অৱগত কৰে বিষয়াসকলে। উদ্ধাৰকাৰী দলটোৱে সেই স্থানত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰে।
প্ৰত্যক্ষদৰ্শীৰ মতে বাছখনে কেইবাটাও খুন্দা মাৰি খাৱৈত পৰে। উদ্ধাৰকাৰী দলে বাছখনৰ পৰা ইতিমঝ্যে যাত্ৰীসকলক উলিয়াই আনিছে, ইয়াৰে ২২ জনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১৪ জনৰ চিকিৎসালয়ত মৃত্যু হয়।
এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই দুৰ্ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে, পৌৰী আৰু আলমোৰাৰ নিজ নিজ অঞ্চলত ARTO বলবৎকৰণ স্থগিত ৰখাৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ধামীয়ে মৃতকৰ পৰিয়ালৰ সদস্যসকলক ৪ লাখকৈ আৰু আহতসকলক ১ লাখকৈ টকা দিবলৈ নিৰ্দেশ দিছে।