বিহাৰৰ ভাগলপুৰ জিলাৰ একচাৰী থানাৰ অন্তৰ্গত গংগা নদীত গা ধুবলৈ গৈ ডুব যায় এগৰাকী কন্যাসহ তিনিজন লোক। ঘটনাৰ বিৱৰণি অনুসৰি মঙলবাৰে এই অঞ্চলটোৰে বড়ী মোহনপুৰ গাঁৱৰ গংগা ঘাটত গা ধুবলৈ আহিছিল পৰিয়ালৰ সৈতে তিনিজন ল’ৰা।
সেই সময়তে তেওঁলোকৰ সমীপত এগৰাকী ছোৱালী দ’ পানীত ডুব যোৱা দেখি তিনিওজনে ছোৱালীজনীক বচাবলৈ গভীৰ পানীত সোমাই যায়।
ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় ডুবাৰু আৰু এছডিআৰএফৰ দলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু কিছু সময়ৰ পাছত ছোৱালীজনী আৰু দুজন ল’ৰা মৃত অৱস্থাত উদ্ধাৰ হয়। আনহাতে আন এজন ল’ৰাক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।
এই কৰুণ ঘটনাৰ পিছত স্থানীয় প্ৰশাসনে মৃত লোক কেইজনৰ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে।
মহকুমা আৰক্ষী বিষয়াই জনোৱা মতে, নিহত দুজন আশুতোষ কুমাৰ (১৫), জিতেন্দ্ৰ কুমাৰ (১৬) আৰু মৌচুমী কুমাৰী (১৫) বুলি চিনাক্ত কৰা হৈছে।