ঝাৰখণ্ডৰ ৰামগড় জিলাৰ গোলা থানা এলেকাৰ পিপৰাজাৰাত সংঘটিত হয় এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।
জানিব পৰা অনুসৰি এখন অনিয়ন্ত্ৰিত বলেৰ’ গাড়ীয়ে ছ’হৰাই উৎসৱ (শস্য চপোৱাৰ পিছত পালন কৰা উৎসৱ) পালন কৰিবলৈ যোৱা লোকসকলক খুন্দিয়াই।
এই দুৰ্ঘটনাত তিনিজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে হাস্পতাললৈ নিয়াৰ সময়ত এজন লোকৰ মৃত্যু হয়। এই ঘটনাত আহত হৈছে অধা ডজনৰো অধিক লোক। ঘটনাৰ পিছতে ক্ষুব্ধ গাঁওবাসীয়ে মৃতকৰ আত্মীয়ক উপযুক্ত ক্ষতিপূৰণৰ দাবীত গোলা-ৰাজাৰাপ্পা পথ অৱৰোধ কৰে।
বহু চেষ্টাৰ অন্তত আৰক্ষী প্ৰশাসনে ক্ষুব্ধ ৰাইজক শান্ত কৰি পথৰ পৰা প্ৰতিবাদী লোকসকলক আঁতৰাই যান-জঁট নিয়ন্ত্ৰণ কৰে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, গোলাৰ পৰা ৰাজৰপ্পা অভিমুখে আহি থকা এখন তীব্ৰবেগী বলেৰ’ই এই দুৰ্ঘটনাটো সংঘটিত কৰে।
দুৰ্ঘটনাটোত আহত হোৱা লোকসকলৰ লগতে বলেৰ’খনৰ চালকজনো আঘাতপ্ৰাপ্ত হৈ স্থানীয় হাস্পতালত ভৰ্তি হৈ আছে।