বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প। দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ’ব ট্ৰাম্প। কমলা হেৰিছৰ পৰা কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ট্ৰাম্পে সহজতে স্পৰ্শ কৰে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ।
ট্ৰাম্পৰ জয়ৰ লগে লগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে এটা প’ষ্ট কৰি কয় যে মোৰ বন্ধু ড’নাল্ড ট্ৰাম্প, আপোনাৰ ঐতিহাসিক জয়ৰ বাবে আন্তৰিক অভিনন্দন।
মোদীয়ে লিখিছে, ‘যেনেদৰে আপুনি আগৰ কাৰ্যকালত সফলতাক আগবঢ়াইছিল,ঠিক তেনেকৈ ভাৰত-আমেৰিকাৰ সৰ্বাংগীন বিশ্বব্যাপী আৰু কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে মই আগ্ৰহী। আহক আমি আমাৰ জনসাধাৰণৰ মংগলৰ বাবে আৰু বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰোঁ।’
উল্লেখ্য যে, ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ট্ৰাম্পে ২৭৭খন নিৰ্বাচনী আসন লাভ কৰাৰ বিপৰীতে হেৰিছে ২২৬খন নিৰ্বাচনী আসনত জয়লাভ কৰিছে। সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭০ খন আসন।