আমেৰিকাত আকৌ এবাৰ ট্ৰাম্প চৰকাৰ হ’ব। ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হ’ব ড’নাল্ড ট্ৰাম্প। ২০২০ চনত তেওঁ নিৰ্বাচনত পৰাস্ত হৈছিল। ৪ বছৰৰ পাছত পুনৰ দেখা গৈছে ট্ৰাম্পৰ আধিপত্য। এই জয়েৰে তেওঁ এক অভিলেখো গঢ়ি তুলিছে। ১৩১ বছৰৰ পাছত এই অভিলেখ গঢ়িছে ট্ৰাম্পে।
গ্ৰভাৰ ক্লিভলেণ্ড (১৮৮৫-১৮৮৯ আৰু ১৮৯৩-১৮৯৭)ৰ পিছত ৪ বছৰৰ ব্যৱধানৰ পিছত হোৱাইট হাউছলৈ উভতি অহা তেওঁ দ্বিতীয়জন নেতা।
ড’নাল্ড ট্ৰাম্পে লাভ কৰিছে ২৭৭টা নিৰ্বাচনী ভোট। কমলা হেৰিছে লাভ কৰিছে ২২৪টা নিৰ্বাচনী ভোট। যিকোনো প্ৰাৰ্থীক জয়ী হ’বলৈ আমেৰিকাত প্ৰয়োজন হয় ২৭০টা নিৰ্বাচনী ভোটৰ।
অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে। ১৭ ডিচেম্বৰত নিৰ্বাচনী সভা অনুষ্ঠিত হ’ব। ৬ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা সাংসদসকলৰ বৈঠকত নিৰ্বাচনী ভোট গণনা কৰা হ’ব। ইয়াৰ পিছত ২০২৫ চনৰ ২০ জানুৱাৰীত শপত গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে।
জয়েৰে উত্তেজিত ড’নাল্ড ট্ৰাম্পৰ বক্তব্য
৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ গৌৰৱৰ বাবে দেশবাসীক ধন্যবাদ জনাই ড’নাল্ড ট্ৰাম্প। দেশৰ প্ৰতিগৰাকী জনসাধাৰণৰ বাবে যুঁজিবলৈ তেওঁ সাজু।এখন শক্তিশালী, নিৰাপদ আৰু সমৃদ্ধিশালী আমেৰিকা গঢ়ি তুলিব নোৱাৰালৈকে তেওঁ কেতিয়াও মই জিৰণি নলয়। ট্ৰাম্পৰ মতে এয়া হ’ব আমেৰিকাৰ সোণালী যুগ।
ট্ৰাম্পৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা-
জন্ম: ১৪ জুন ১৯৪৬
পিতৃ-মাতৃ: মেৰী আৰু ফ্ৰেড ট্ৰাম্প
শিক্ষা: ৱাৰ্টন স্কুল অৱ ফাইনেন্স এণ্ড কমাৰ্চৰ পৰা ফাইনেন্স মেজৰ
কেৰিয়াৰ: ১৯৭১ চনত পিতৃৰ কোম্পানী কমাণ্ড লয়।
২০০৪ চনত দ্য এপ্ৰেণ্টিছৰ সৈতে ৰিয়েলিটি টিভিত যোগদান কৰিছিল।
খেলুৱৈ তথা মডেল ইভানা জেলনিকোভাৰ সৈতে বিবাহপাশত আবদ্ধ। ১৯৯০ চনত বিবাহ বিচ্ছেদ হৈছিল।
ট্ৰাম্প আৰু ইভানাৰ সন্তান: ড’নাল্ড জুনিয়ৰ, ইভাংকা আৰু এৰিক
১৯৯৩ চনত মাৰ্লা মেপলছৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৯৯৯ চনত বিবাহ বিচ্ছেদ হয়।
ট্ৰাম্প আৰু মাৰ্লাৰ সন্তান: টিফানী
২০০৫ চনত মেলানিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
ট্ৰাম্প আৰু মেলানিয়াৰ পুত্ৰ: বেৰন উইলিয়াম