মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যখনত বৃদ্ধি পাইছে ৰাজনৈতিক উত্তেজনা। ইয়াৰ মাজতে ৬ নৱেম্বৰত মহাৰাষ্ট্ৰত ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। তেওঁ নাগপুৰত সংবিধান ৰক্ষা সন্মিলনৰ আয়োজন কৰিছিল।
এই সন্মিলনৰ সময়ছোৱাত ৰাহুল গান্ধীয়ে ৰঙা কিতাপ লৈ আহি দেখুৱায়। এতিয়া এই সন্দৰ্ভত বিজেপিয়ে কৰিছে এক ডাঙৰ দাবী।
এই সন্মিলনৰ পিছতেই মহাৰাষ্ট্ৰ বিজেপিয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত দাবী কৰিছে যে নাগপুৰত অনুষ্ঠিত হোৱা সংবিধান ৰক্ষা সন্মিলনলৈ ৰাহুল গান্ধীয়ে যিখন সংবিধানৰ ৰঙা কিতাপ লৈ আনিছিল সেয়া সম্পূৰ্ণ খালী আছিল, অৰ্থাৎ তাৰ ভিতৰত একো লিখায়েই নাছিল।
এই উকা সংবিধানৰ কিতাপখনৰ জৰিয়তে ৰাহুলে বাবা চাহেব আম্বেদকাৰৰ সংবিধানক অপমান কৰা বুলি অভিহিত কৰিছে বিজেপিয়ে। বিজেপিয়ে কৈছে যে, এফালে ৰাহুল গান্ধীয়ে সংবিধান ৰক্ষাৰ কথা কয়, আনফালে আকৌ সংবিধানৰ উকা কিতাপ এখন লৈ ঘূৰি ফুৰে।
মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে ৰাহুল গান্ধীৰ নাগপুৰ ভ্ৰমণক লৈ কিছু মন্তব্য কৰিছে। তেওঁ ৰাহুল গান্ধীৰ এই ভ্ৰমণক নক্সালবাদৰ সৈতে জড়িত থকা বুলি উল্লেখ কৰিছে। এই সন্দৰ্ভত মহাৰাষ্ট্ৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নানা পাটোলে প্ৰতিশোধ লয়।
ইফালে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নানা পাটোলে কয় যে, ৰাহুল গান্ধীয়ে দেশক একত্ৰিত কৰি সংবিধান ৰক্ষাৰ বাবে কাম কৰি আছে আৰু এইটোৱেই বিজেপিৰ চকু পুৰিছে। দেৱেন্দ্ৰ ফাদনভিছে দিয়া বক্তব্যৰ তেওঁলোকে বিৰোধিতা কৰে।
নাগপুৰ ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে দীক্ষাভূমিত উপস্থিত হৈছিল। এই সময়ত তেওঁ গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিলৈ ফুলৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিল। কংগ্ৰেছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নিজৰ অফিচিয়েল একাউণ্টত ৰাহুল গান্ধীৰ নাগপুৰ ভ্ৰমণৰ সৈতে জড়িত কিছু ছবি শ্বেয়াৰ কৰিছিল।
নাগপুৰৰ বিশ্ববিখ্যাত বৌদ্ধ স্তুপ দীক্ষাভূমিত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তিক ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, তেওঁলোকে ভগৱান বুদ্ধই দেখুওৱা পথ অনুসৰণ কৰিহে দেশত ন্যায় প্ৰতিষ্ঠা কৰিব।