জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ বিনিময়ত ধন লোৱাৰ অভিযোগত নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীক আটক কৰা হৈছে। নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ অভিযোগৰ ভিত্তিত ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰে কৰ্মচাৰীজনক।
আটকাধীন কৰ্মচাৰীজন কৈলাশ লহকৰ বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ ঘগ্রাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত কটকীয়া গাঁৱৰ বুলি আৰক্ষীয়ে জনায়।
বুধবাৰে আৰক্ষীয়ে অভিযুক্ত কৰ্মচাৰী জনৰ স্বাস্থ্য পৰীক্ষা কৰি ১৬০/২৪ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে লহকৰক জেল হাজোতলৈ প্রেৰণ কৰিছে।
ইফালে এই ঘটনা সন্দৰ্ভত নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোনো তথ্য বা মন্তব্য দিয়াৰ পৰা বিৰত আছে।