মঙলদৈ ন হাউলিত এজন দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এই কৰুণ ঘটনাত মৃত্যু হোৱা ছাত্ৰজন মঙলদৈৰ ন হাউলিৰ শিক্ষক তীৰ্থ শৰ্মাৰ এক মাত্ৰ সন্তান জুমন শৰ্মা বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা অনুসৰি, ঘৰৰ ওচৰতে ৰাষ্টাৰ দাঁতিৰ এডাল ঔ তেঙা গছত ঔ তেঙা পাৰিবলৈ উঠাৰ সময়তে গছডালৰ কাষেৰে যোৱা ১১০০০ হাজাৰ ভল্টৰ বিজুলী পৰিবাহী তাঁৰৰ লগত সংযোগ ঘটি থিতাতে মৃত্যু হয় জুমন শৰ্মাৰ।
ডাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ জনৰ আকস্মিক মৃত্যুত ন হাউলিৰ অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।