ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। এই বহু প্ৰতিক্ষিত শৃংখলাৰ পূৰ্বে ইণ্ডিয়া এ’ দলে অষ্ট্ৰেলিয়া এ’ৰ বিৰুদ্ধে আনঅফিচিয়েল টেষ্ট শৃংখলাত অংশ লৈছে।
শৃংখলাৰ দ্বিতীয়খন মেচ ৭ নৱেম্বৰ অৰ্থাৎ আজিৰ পৰা মেলবৰ্ণত অনুষ্ঠিত হৈছে। প্ৰথমে বেট ধৰা ভাৰতীয় এ’ দলৰ আৰম্ভণি আছিল অথি হতাশাজনক। শীৰ্ষক্ৰমৰ প্ৰায়বোৰ বেটাৰকে অষ্ট্ৰেলিয়াৰ বলাৰৰ সন্মুখত অসহায় হোৱা পৰিলক্ষিত হয়। কিন্তু কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজ দিয়া নেমচান্দৰ পুত্ৰ ধ্ৰুৱ জুৰেলে খেলে এটা আকৰ্ষণীয় ইনিংছ।
ষষ্ঠ স্থানত বেটিং কৰি তেওঁ ৪৩.০১ ষ্ট্ৰাইক ৰেটত ১৮৬ বলত ৮০ ৰানৰ যুঁজাৰু অৰ্ধশতক খেলিছিল। ইয়াৰ পিছত আশা কৰা হৈছে যে আগন্তুক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত নিউজিলেণ্ডৰ বিৰুদ্ধে ব্যৰ্থ হোৱা ছৰফৰাজ খানৰ ঠাইত তেওঁক দলত অন্তৰ্ভুক্ত কৰিব লাগে বুলি আৰম্ভ হৈছে।
ভাৰতীয় দলটোৱে অভিজ্ঞ বেটছমেন কে এল ৰাহুল আৰু ৰুতুৰাজ গাইকৱাদৰ পৰা বহু আশা কৰিছিল যদিও এই দুয়োজন বেটছমেনে অনুৰাগীক নিৰাশ কৰে। ইনিংছ আৰম্ভ কৰি ৰাহুলে মুঠ ৪টা বলৰ মুখামুখি হয়। ইফালে এটা চাৰিৰ সহায়ত তেওঁৰ বেটৰ পৰা আহে মাত্ৰ ৪ ৰান। তেওঁৰ বাহিৰে চতুৰ্থ স্থানত বেটিং কৰা অধিনায়ক ৰুতুৰাজ গাইকৱাদে মাত্ৰ ৬টা বলৰ মুখামুখি হয়। তেওঁ ৪ ৰান সংগ্ৰহ কৰি পেভেলিয়নলৈ উভতি যায়।
উল্লেখ্য যে, ভাৰত এ’ দলে নিজৰ প্ৰথম ইনিংছ মাত্ৰ ১৬১ ৰানতে সামৰে। অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক নেছেৰে ৪টা আৰু ৱেবষ্টাৰে ৩টা উইকেট দখল কৰে।
ইফালে প্ৰথম দিনৰ অন্তত অষ্ট্ৰেলিয়া এ’ দলে ২টা উইকেট হেৰুৱাই ৫৩ ৰান সংগ্ৰহ কৰে।