মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ অগ্নিশিখা। বৰ্তমান ইজৰাইলী বাহিনীয়ে গাজা আৰু লেবাননত একেলগে অভিযান চলাই আছে।
বৃহস্পতিবাৰেও লেবাননত এক বৃহৎ বিমান আক্ৰমণ সংঘটিত হয়। জানিব পৰা মতে যোৱা ২৪ ঘন্টাত লেবানন আৰু গাজাত ১০০ৰো অধিক লোকৰ প্ৰাণ হানি হয়।
আল জাজিৰাৰ তথ্য অনুসৰি, ইজৰাইলৰ শেহতীয়া বিমান আক্ৰমণত ৫০ জনতকৈ অধিক পেলেষ্টাইনীয়ে নিজৰ প্ৰাণ হেৰুৱাইছে। ইয়াৰে ঘেৰাও কৰা উত্তৰ অঞ্চল গাজাৰ কমেও ৪২ জনৰ প্ৰাণ হানি হৈছে।
লেবাননৰ জনস্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, বিগত ২৪ ঘন্টাত ইজৰাইল বাহিনীয়ে সমগ্ৰ দেশত অভিযান চলাই ৫৩ জন লোকক প্ৰাণ লোৱাৰ লগতে আহত হয় ১৬১ জন। আনহাতে ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা দিনৰ দিনে চিন্তাৰ বিষয় হৈ পৰিছে।