ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যত ৰাজ্যজুৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে জনগোষ্ঠীয় দল-সংগঠন সমূহে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডুমডুমাৰ হাঁহচৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিয়ে৷
আজি সন্ধিয়া ডুমডুমাৰ হাঁহচৰাত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷
তিনিচুকীয়াত আজি উক্ত বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰা মৰাণ আৰু মটক ছাত্ৰ সন্থাৰ নেতৃত্বক আৰক্ষীয়ে কৰা ব্যৱহাৰৰ প্ৰতিও গৰিহণা জনাই আটচা ডুমডুমা আঞ্চলিক সমিতিয়ে।